newsnextone.com | ডিজিটেল ডেস্কঃ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সকলো দলৰ পৰা সদন পৰিচালনা কৰাত সহায় বিচাৰিছিল৷ মঙলবাৰে পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত সৰ্বদলীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হয়৷ সৰ্বদলীয় বৈঠকত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আটাইকেইটা দলে উপস্থিত থাকে৷ বৰ্ষাকালীন অধিবেশন উত্তপ্ত হ’ব বুলি আশংকা কৰি থকাৰ সময়তে সকলো দলেই অধিবেশনত সহায় কৰাৰ কথা প্ৰকাশ কৰে৷ 

বাজেট অধিবেশনৰ দৰে যাতে বৰ্ষাকালীন অধিবেশন অচল নহয় তাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টাও কৰি গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে সৰ্বদলীয় বৈঠক ইতিবাচক হৈছে বুলি কৈ দুয়োখন সদন সুচাৰুৰূপে চলিব দিব বুলি স্পষ্ট কৰিছিল যদিও বৰ্ষাকালীন অধিবেশনৰ প্ৰথমটো দিনেই উত্তপ্ত হৈ পৰে দুয়োখন সদন৷ অন্ধ্ৰপ্ৰদেশৰ দুয়ো দল ৱাইএছআৰ কংগ্ৰেছ আৰু টিডিপিয়ে দুয়োখন সদনত অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত তীব্ৰ হৈ হাল্লা কৰাত দুয়ো সদন স্থগিত কৰিব লগা হয়৷

বুধবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ প্ৰথমটো দিন উত্তপ্ত হৈ পৰে৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত হৈ হাল্লা কৰাত সদন স্থগিত ৰাখিব লগা হয়৷ তাৰ মাজতে বিৰোধিয়ে লোকসভাত উত্থাপন কৰে অবিশ্বাস প্ৰস্তাৱ৷ এনডিএৰ লোকসভাত সংখ্যাগৰিষ্ঠতা থকাৰ পিছতোঁ বিৰোধী দলে সমূহে পুনৰ চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনিবলৈ আনে৷ চৰকাৰে অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু থকা বুলিও কয়৷

বাজেট অধিবেশনৰ দৰেই বৰ্ষাকলীন অধিবেশনত বিৰোধিয়ে চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰে৷ ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ পূৰ্বেই মোডী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ, চিপিআইএম, তেলেগু দশম, ৱাইএছআৰ কংগ্ৰেছ আদিয়ে অবিশ্বাস প্ৰস্তাৱৰ উত্থাপন কৰাৰ ফলত বাজেট অধিবেশনৰ দৰেই বৰ্ষাকালীন অধিবেশনো অচল হৈ পৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে৷

কংগ্ৰেছৰ নেতা মল্লিকাৰ্জন খাৰ্গেয়ে এই সন্দৰ্ভত বিৰোধী দলৰ সৈতে আলোচনা কৰা বুলি কয়৷ ইতিমধ্যে অন্ধ্ৰক তেলুগু দশম পাৰ্টিয়ে পত্ৰ প্ৰেৰণ কৰিছে লোকসভাৰ অধ্যক্ষক৷ কংগ্ৰেছ, চিপিআইএম, সমাজবাদী, এনচিপি, আইইউএমএল, চিপিআই, আৰজেডি আদি দলে একেসময়তে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিব৷