মৰিগাঁওঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডত সুদীৰ্ঘ দিন ধৰি ব্যাপক দুৰ্নীতি হৈ থকাৰ অভিযোগ উথাপিত হৈছে। বিশেষকৈ জবকাৰ্ডৰ বেলিকা উন্নয়ন খণ্ডটিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাত অভিযোগ উঠাৰ বিষয়ে জানিব পৰা গৈছে৷

এনে এটি পঞ্চায়ত হৈছে দলৈগাঁও গাঁও পঞ্চায়ত। অভিযোগ মতে, বিগত ২০০৭ চনৰপৰা পঞ্চায়তটোত এনৰেগা আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি চলি আহিছে। ইয়াৰ বাবে পঞ্চায়তটোৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে প্ৰস্তুত কৰি লৈছে নামে-বেনামে বহু সংখ্যক জবকাৰ্ড। 

বিশেষকৈ পঞ্চায়তটোৰ গ্ৰাম ৰোজগাৰ সহায়ক মতিবুৰ ৰহমানে আত্মীয়-স্বজনৰ নামত যধে-মধে জবকাৰ্ড প্ৰস্তুত কৰি লৈছে। এই কাৰ্যত পঞ্চায়তটোৰ সচিব ছিদ্দিকিয়েও হাত উজান দিয়া বুলি অভিযোগ উঠিছে।

নিয়ম অনুসৰি এটি পৰিয়ালত এখনতকৈ অধিক জবকাৰ্ড থাকিব নোৱাৰে যদিও এই নিয়ম ধোঁৱাচাঙত উঠিছে দলৈগাঁও পঞ্চায়তত। এনেধৰণৰ জবকাৰ্ডসমূহৰ জৰিয়তে লুণ্ঠনকাৰী অসাধু চক্ৰটোৱে লুন্ঠন অব্যাহত ৰাখিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভূমিকা গ্ৰহণ কৰা বুলি তীব্ৰ প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দীৰ্ঘদিন চলি থকা এনে দুৰ্নীতি কিয় চকুত পৰা নাই বুলি বিবেচিত হৈছে৷