নতুন দিল্লীঃ মঙলবাৰে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বি জে পিৰ শোচনীয় পৰাজয়ৰ পাছত গেৰুৱা দলটোক যিকোনো প্ৰকাৰে ক্ষমতাৰপৰা বাহিৰত ৰখাৰ কুচ-কাৱাজ আৰম্ভ হৈছে বিৰোধী শিবিৰত৷

মধ্য প্ৰদেশত কংগ্ৰেছ আৰু বি জে পি উভয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰায় সমান সংখ্যক আসন লাভ কৰিছে৷ সংখ্যা গৰিষ্ঠতা পাবৰ বাবে মাত্ৰ দুখন আসন কম হোৱা কংগ্ৰেছক চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়াবলৈ আগবাঢ়ি আহিছে বহুজন সমাজ পাৰ্টীৰ (বি এছ পি)ৰ মুৰব্বী মায়াৱতী৷ 

দুশ ত্ৰিশ জনীয়া বিধানসভাত মেজিক নম্বৰ ১১৬ যদিও কংগ্ৰেছে ১১৪ খন আসনহে লাভ কৰে৷ ইফালে, বি জে পিয়ে ১০৯ খন আসন লাভ কৰি ৰাজ্যখনত দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছে৷ বি এছ পিয়ে দুখন আসন লাভ কৰিবলৈ সক্ষম হয়৷ বি এছ পিৰ এই দুখন আসনৰ সমৰ্থনেৰে কংগ্ৰেছে  মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব।

মায়াৱতীয়ে আজি এই কথা ঘোষণা কৰি কয়, ‘বি জে পিক ক্ষমতাৰপৰা আঁতৰত ৰখাই আমাৰ লক্ষ্য৷ আৰু সেইবাবেই আমি কংগ্ৰেছক সমৰ্থন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷’

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বি এছ পিৰ নেত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজস্থানতো তেওঁৰ দলে কংগ্ৰেছক সৰ্মথন দিব৷

ইফালে, যোৱা নিশাই কংগ্ৰেছে ৰাজ্যপাল আনন্দিবেন পেটেললৈ পত্ৰ প্ৰেৰণ কৰি মধ্য প্ৰদেশত চৰকাৰ গঠনৰ দাবী সাব্যস্ত কৰে৷ 

কালি ঘোষণা কৰা ফলাফলৰ পাছত ৰাজস্থান আৰু ছত্তীশগড়তো কংগ্ৰেছে চৰকাৰ গঠনৰ যো-জা আৰম্ভ কৰিছে৷

তেলেংগানাত শাসকীয় টি আৰ এছে নতুন চৰকাৰ গঠন কৰিব৷ উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছক পুলিয়ে-পোঘাই উভালি পেলোৱা আঞ্চলিক দল মিজো নেচনেল ফ্ৰন্টে মিজোৰামত পুনৰ প্ৰত্যাৱৰ্তন কৰি চৰকাৰ গঠন কৰিব৷