ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভাৰ পূৰ্বে বিজেপি ত্যাগ কৰাৰ কথা সদৰী কৰিছে ‘পাটনা চাহেব’ সাংসদ শত্ৰুঘ্ন সিনহাই৷ বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ পাছতে এই মতপোষণ কৰে৷ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বিজেপিয়ে সিনহাৰ দৰে নেতাক সু-ব্যৱহাৰ নকৰাৰ বাবে ক্ষোভৰ লগতে দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷
সিনহাই আগন্তুক লোকসভা নিৰ্বাচনত পাটনাৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ব্যক্ত কৰে৷ উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবৰ বাবে টিকট নোপোৱাৰ ভুৱা বাতৰি প্ৰকাশ পাইছিল৷ কিন্তু নিৰ্বাচনৰ শেষ মুহূৰ্তত শত্ৰুঘ্ন সিনহাৰ নাম ঘোষণা হোৱাৰ পাছত পাটনাৰ পৰা বৃহৎ সংখ্যক ভোট লাভ কৰি জয়ী হয় শত্ৰুঘ্ন সিনহা৷ এই ফলাফলক লৈয়ে ২০১৯ৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাৰ্থীত্ব আগনবঢ়ালেও অন্য দলৰ পৰা যুঁজ দিবৰ বাবে টিকট লাভ নকৰাৰ প্ৰশ্নই নুঠে বুলি কয় সিনহাই৷
শত্ৰঘ্ন সিনহাই অন্য বিৰোধী দলত যোগদান কৰিবৰ বাবে প্ৰস্তাৱ লাভ কৰাৰ কথাও ব্যক্ত কৰে৷ সিনহাৰ মতে, যি দলৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগনবঢ়াওক কিয়, জনসাধাৰণৰ উন্নতিৰ হকে কাম কৰাটোৱেই একমাত্ৰ লক্ষ্য হোৱা উচিত৷ জনতাৰ সেৱা কৰাৰ স্বাৰ্থতেই নিজক উৎসৰ্গা কৰাৰ কথা কয় পাটনাৰ চাহেবে৷ ইয়াকো কয় যে বিজেপি দল ত্যাগ কৰি অন্য দলত যোগদান কৰিলেই মানৱ সেৱা কৰা নুবুজায়৷
বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা সাংসদগৰাকীয়ে দলৰ পৰা সু-ব্যৱহাৰ নোপোৱাকলৈ অসন্তুষ্টি ব্যক্ত কৰি কয়, মই দল এৰিবলৈ দলত যোগদান কৰা নাছিলোঁ৷ জনতাৰ সেৱাৰ বাবে সদায় ব্ৰতী হেৱা সাংসদগৰাকী বিজেপিৰ প্ৰতি মোহভংগ হৈ দল ত্যাগ কৰিবলৈ বিচাৰি থাকিলেও কিয় বহিষ্কাৰ নকৰে বুলি ক্ষোভ প্ৰকাশ কৰে সিনহাই৷
সাংসদ শত্ৰুঘ্ন সিনহাই বিজেপিৰ পথ প্ৰদৰ্শক লালকৃষ্ণ আদৱানিৰ প্ৰতি দলে কৰি অহা অৱজ্ঞামূলক কাৰ্যত দুঃখ প্ৰকাশ কৰে৷ আদৱানি হৈছে বিজেপিৰ গুৰুস্বৰূপ, পথপ্ৰদৰ্শক তথা এগৰাকী পৰম বান্ধৱ৷ আদৱানিৰ নেতৃত্বতে বিজপিয়ে ২ আসনৰ পৰা ২০০খন আসনলৈ উত্থান ঘটাবলৈ সক্ষম হৈছে৷ লালকৃষ্ণ আদৱানি দললৈ আৰু অৱদান আগবঢ়াব পাৰিলেহেঁতেন৷ কিন্তু বৰ্তমান সময়ত আদৱানিক অৱজ্ঞাৰ পাত্ৰৰ দৰে ব্যৱহাৰ কৰাৰ বাবে দলত তেওঁৰ স্থান একেবাৰে নিম্ন! আদৱানি আজি ক’ত থাকি গ’ল? অভিভাৱকৰ দৰেহে বৰ্তমান আদৱানি দলত আছে বুলি দুখ আৰু ক্ষোভ প্ৰকাশ কৰে পাটনাৰ সাংসদ চাহেব শত্ৰুঘ্ন সিনহাই৷