মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰস্থিত মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত এশ কোটি টকা কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰক শনিবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে নগাঁওৰপৰা আটক কৰিবলৈ সক্ষম হয়৷
মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আন দুজন লোকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল৷ দেৱজিৎ তালুকদাৰে বেংকৰ শাখা প্ৰৱন্ধকৰ দায়িত্বত থাকি একাংশ অজ্ঞাত লোকৰ নামত বেংক একাউন্ট খুলি দালালৰ সহযোগত হকে বিহকে কোটি কোটি টকাৰ কৃষি ঋণ মুকলি কৰি আত্মসাৎ কৰিছিল৷ অকল ইমানেই নহয় বহু মৃত লোকৰ নামতো দালালৰ সহযোগত বেংকৰপৰা কোটি কোটি টকাৰ কৃষি ঋণ মুকলি কৰি আত্মসাৎ কৰিছিল দেৱজিৎ তালুকদাৰে৷
আৰক্ষীৰ হাতত পৰা তথ্য মতে বেংকত প্ৰায় ৫৮ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰী হৈছে যদিও প্ৰতিদিনে এই কেলেংকাৰী সন্দৰ্ভত ন ন তথ্য উন্মোচিত হোৱাত কেলেংকাৰীৰ পৰিমান এশ কোটি হ’ব বুলি ধাৰণা কৰা হৈছে৷ এই কেলেংকাৰী সন্দৰ্ভত মোৰাঝাৰ থানাত ৩৯২/১৮, ৩৯৩/১৮ ৩৯৪/১৮, ৩৯৫/১৮, ৩৯৬/১৮, ৩৯৭/১৮ আৰু ২০৩/১৯ সহ মুঠ ৭ টা গোচৰ ৰুজু হৈছে৷ কৃষি ঋণ কেলেংকাৰীত বেংকৰ দুজন প্ৰৱন্ধকসহ মুঠ ১৮ জন লোকক অভিযুক্ত কৰা হৈছে৷ ইয়াৰে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যদিও বাকী সকলক বিচাৰি মোৰাঝাৰ আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই আছে৷
বেংকত খোলা মুঠ ৯ টা চি চি একাউন্ট যোগে ১৭ কোটি টকাৰ কেলেংকাৰীৰ তথ্য আৰক্ষীৰ হাতত পৰিছে৷ বাকী কেলেংকাৰী একাংশ মৃত ব্যক্তি আৰু অজ্ঞাত লোকৰ নামত সংঘটিত কৰা হৈছে৷ কৃষি ঋণ মোকলাই নিয়া উক্ত চি চি একাউন্টৰ গৰাকীসকলকো ৰাইজে আটক কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে তেওঁলোকৰ নামত থকা সম্পত্তি আৰু কেলেংকাৰীৰ টকাৰে তেওঁলোকৰ পৰিয়ালৰ লোকৰ নামত কিনা মাটি সম্পত্তি সমূহ জব্দ কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেৱজিৎ তালুকদাৰক সম্প্ৰতি মোৰাঝাৰ থানাত মাৰাথন জেৰা চলাই থকা হৈছে৷ অচিৰেই আৰক্ষীৰ জালত বাকী অভিযুক্ত সকলো ধৰা পৰাৰ সম্ভাৱনা আছে৷ ৰাইজে হোজাই জিলাৰ আৰক্ষী অধীক্ষক আৰু মোৰাঝাৰ আৰক্ষী বিষয়াক এই সন্দৰ্ভত উপযুক্ত পদক্ষেপ লোৱাৰ বাবে ভূয়সী প্ৰশংসা কৰে৷