নগাঁওঃ প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া নগাঁও জিলাৰ পশ্চিমাঞ্চলত বেছ শান্তিপূৰ্ণভাৱেই সম্পন্ন হয়৷ জিলাখনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ এলেকাধীন বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি, বটদ্ৰৱা, ৰাইদঙীয়া, বৰছিলা, কপাহেৰা, কুঁজি, টুকটুকী, হাতীচোং, ধূপগুৰি, বেছামাৰী, জামুগুৰি, চকলাঘাট, ধিং আদি অঞ্চলত থকা প্ৰতিটো ভোটকেন্দ্ৰতে পুৱাৰেপৰা ৰাইজে শৃংখলাবদ্ধভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷

এইবাৰ এই অঞ্চলবোৰত যুৱ ভোটাৰৰ যথেষ্ট সঁহাৰি পোৱা পৰিলক্ষিত হয়৷ ঠায়ে ঠায়ে আনকি আশীৰ উৰ্ধৰ পুৰুষ-মহিলায়েও ভোটাধিকাৰ সাব্যস্ত কৰে৷

অৱশ্য, আজিৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া চাৰিটা ভোট কেন্দ্ৰত প্ৰায় ডেৰ-দুঘন্টা পলমকৈ আৰম্ভ হয় ইলেক্ট্ৰনিক ভোটিং মেচিন বিকল হোৱাৰ বাবে৷

জানিব পৰা মতে, ৰাইদঙীয়া প্ৰাথমিক বিদ্যালয়ৰ ১০৫ নং ভোটকেন্দ্ৰ, বৰছিলা এমভি স্কুলৰ ১৮৩ নং ভোটকেন্দ্ৰ, ১৮৭ নং কপাহেৰা মধ্য ভোটকেন্দ্ৰ আৰু পুঠিমাৰী মুক্তাৱ বিদ্যালয়ৰ ১১৯ নং ভোটকেন্দ্ৰত পুৱা ইভিএম বিকল হৈ পৰাত ভোটদাতা ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ 

অৱশ্যে, পাছত ইভিএমৰ বিশেষজ্ঞৰ দল আহি বিকল হৈ পৰা ইভিএমকেইটা মেৰামতি কৰাৰ পাছত বহু পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়৷