জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ গুৰুজনাৰ ওপজা ভূমিৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ দক্ষিণ দিশত থকা ভোমোৰাগুৰি লালুংগাঁৱৰ প্ৰাক্তন সৈনিকৰ নামত আবন্টিত গ্ৰেজিং ৰিজাৰ্ভ বৰ্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কবলত। প্ৰশাসনৰ নিৰ্লিপ্ততা আৰু চৰকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত এটাৰ পিছত এটাকৈ ঘৰ সাজি নতুনকৈ গাঁও পাতিছে এই ৰিজাৰ্ভত। 

সন্দেহযুক্ত নাগৰিকে ভৰি পৰা এই গাঁৱত যোৱা দুই তিনি বছৰ ধৰি দিনে নিশাই ভূমি বেদখলৰ লগতে ভূমি খনন কাৰ্য্য চলাই থকা দেখা গৈছে। বৰ্তমান বটদ্ৰৱাৰ বেদখল সংক্ৰান্তত সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈ থকাৰ সময়তে চাঞ্চল্যকৰ তথ্য ফাদিল কৰি হুংকাৰ প্ৰদান কৰিছে এই বঞ্চিত প্ৰাক্তন সৈনিকসকলে। 

স্মৰ্তব্য যে, ১৯৮৮ চনতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰপৰা আজীৱন দেশ সেৱাত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ ৪৪ গৰাকী অসমীয়া বীৰ জোৱানৰ নামত আবন্টিত হৈছিল ২৬৫ বিঘা ভূমি। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ লালুং গাঁও কিচামতৰ ৩৫৪ নং গ্ৰেজিং দাগৰ অংশ হিচাপে ২৬৫ বিঘা মাটি এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল। 

প্ৰাক্তন সৈনিক সকলে তেতিয়াই শান্তি সৈনিক মিলন সমবায় নামৰ এখন সমবায় গঠন কৰি উক্ত ভূমিৰ সীমাত পকী খুটা আৰু ঘৰ সাজিছিল যদিওঁ নিশাই পকী খুটা উঠাই ঘৰ ভাঙি প্ৰাক্তন সৈনিক গমন বৰদলৈক নিৰ্মম অত্যাচাৰৰ কৰি হত্যা কৰিছিল। তাৰ পিছত অগপ, কংগ্ৰেছ আৰু বৰ্তমান জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ এই সুদীৰ্ঘ ত্ৰিশ বছৰত দুবাৰকৈ নগাঁও জিলা উপায়ুক্তৰ হুকুম পোৱাৰ পিছতো ৰহস্যজনক ভাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি আজিকোপতি ৰাজহ বিভাগে এই সকল বীৰ জোৱানক উক্ত ভূমি চমজাই নিদিলে। বৰঞ্চ জীৱনৰ বিয়লি বেলাত প্ৰাক্তন সৈনিকসকলে পালে চৰকাৰী বিষয়াৰ মিছা প্ৰলোভন। 

যাৰ পৰপ্ৰেক্ষিত্বত বৰ্তমান জাঙুৰ খাই উঠিছে এই ৪৪ গৰাকী প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়া অভিযোগ মতে, ২০১৪ চনৰপৰা উক্ত ভূখণ্ডত এচাম সন্দেহযুক্ত অচিনাকি লোকে ঘৰ-বাৰী সাজি নতুনকৈ গাঁও পাতিছে। এইসকল লোকে ১০, ২০, ৩০ বিঘা পৰ্যন্ত মাটি খান্দি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সাজি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ ওপৰিও এই বেদখলীকৃত ভূমিতে বিগত বৰ্ষৰ ২৩ মাৰ্চত সমগ্ৰ দেশ কপোৱা নাবালিকা ধৰ্ষণ আৰু জীবন্তে জ্বলাই দিয়া ঘটনা সংঘটিত হৈছে। 

১৯৮৮ চনৰপৰা ২০১৭ চনলৈকে এই সুদীৰ্ঘ কাল চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে তাঁত বাতি কাঢি থকাৰ মাজতে ১৯৯০ চনৰ ১৫ জুন আৰু ২০১৬ চনৰ ৫ ডিচেম্বৰ তাৰিখে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰপৰা দুবাৰকৈ অহা লিখিত নিদেৰ্শক সেই সময়ৰ চক্ৰ বিষয়া লাচিত দাসে পালন নকৰি ওলোটাই প্ৰাক্তন সৈনিকক মাটি চমজাই দিলে ডিঙি কটা যাব বুলিহে মন্তব্য কৰাত ক্ষোভিত হৈ প্ৰাক্তন সৈনিক সকলে ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছিল।

বটদ্ৰৱা আৰক্ষীয়ে ৩০/১৬, ০/৮, ১৮৮ আই পি চি ৪/৫ এ এল জি ৭ পিচি এচিটি নম্বৰত গোচৰ ৰুজু কৰিছিল যদিও আজিকোপতি কোনো সুফল লাভ কৰিব সক্ষম নহ’ল এই দুৰ্ভগীয়া সৈনিক সকল। দুৰ্ভাগ্যজনকভাৱে ১৯৮৮ চনৰ পৰা উক্ত ভূমিৰ বাবদ বৰ্তমানলৈকে খাজনা দি থকা এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বহুতৰে ইতিমধ্যে মৃত্যু হ’ল৷ কিন্তু তেঁওলোকৰ বিধবা পত্নী, বৃদ্ধ সৈনিক সকলে এতিয়াও হেৰুৱাই পেলোৱা নাই আশা। কিজানি জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপি চৰকাৰে এইসকল অসমীয়া খিলঞ্জীয়া প্ৰাক্তন সৈনিকক ১৯৮৮ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ভূমি চমজাই দিয়েই। 

ইফালে, আজি বেদখলীকৃত ভূমিত সমবেত হৈ প্ৰাক্তন সৈনিকসকলে চৰকাৰক দাবী জনাইছে "আমাৰ নামত কেন্দ্ৰীয় চৰকাৰে আবন্টিত দিয়া ভূমি আমাক লাগিবই। নহ’লে ৰাজ্যজুৰি আমি আন্দোলন আৰম্ভ কৰিম"। মদ, জুুৱা, ধৰ্ষণ, চুৰি, ডকাইতি আদি বিভিন্ন অপৰাধীৰ ৰম্যভূমি উক্ত ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলীকৃত ভূমি উদ্ধাৰ কৰি প্ৰাক্তন সৈনিক সকলক তেওঁলোকৰ ভূমি চমজাই দিবলৈ দাবী জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক চন্দ্রামিকা কলিতা, নগাঁও জিলা সংযোজক ৰাজু ৰায় আৰু বটদ্ৰৱা শাখাৰ সম্পাদক অকাশদ্বীপ নাথ, নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দীপমনি বৰা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবিন চন্দ্ৰ দাস, নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অমৰজ্যোতি কলিতাা, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতা, সম্পাদক পবিত্ৰ কলিতা, বটদ্ৰৱা প্ৰেছ ক্লাব, জাজৰি প্ৰেছ ক্লাবকে প্ৰমুখ্য কৰি কেইবাটাও দল সংগঠনে।