নগাঁওঃ গোলাঘাট আৰু যোৰহাটকে ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত বিষাক্ত চুলাই মদে মৃত্যুদূতৰ ৰূপত ডেৰ শতাধিক লোকৰ প্ৰাণ লৈ বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত কেতিয়াবা নগাঁও জিলাটো তেনে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে নগঞা সচেতন ৰাইজে৷
কিয়নো জিলাখনৰ পশ্চিমাঞ্চলত বৰ্তমানেও চুলাই-মদৰ অবৈধ ৰমৰমীয়া বেহা অব্যাহত আছে যদিও এই বেহা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই আবকাৰী আৰু আৰক্ষীয়ে৷
জানিব পৰা মতে, জিলাখনৰ বেবেজীয়া, দক্ষিণপাট জলময়, ডিমৌ, ভালুকমাৰী, পুখুৰীপাৰ, জাজৰিৰ মাজগাঁও, বগৰিগুৰি, দলৈগাঁও, ৰাইদঙীয়াৰ তেলিয়াগাঁও, ফুলগুৰি, দলংঘাট, বটদ্ৰৱাৰ সমীপৰ ভোমোৰাগুৰি, বৰছিলা, গাখজুৱা, কহুৱাআটি, কাছমাৰী, কলবাৰী, বহুৱাভেটি আদি অঞ্চলত চুলাই মদৰ অবৈধ বেহাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷
আনকি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ প্ৰৱেশ দ্বাৰৰপৰা আৰম্ভ কৰি ডুমডুুুুমীয়া ৰে’ল ষ্টেছনৰ দুয়োকাষে মুুুুকলিকৈ চুলাই মদ বিক্ৰী হৈ আহিছে৷ যাৰ পৰিণতিত এই অবৈধ চুলাই মদৰ অবাধ প্ৰচলনে উঠি অহা নৱ-প্ৰজন্মক কৰ্মবিমুখ কৰি তোলাৰ বিপৰীতে তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াইছে।
ইফালে, এই চুলাই মদৰ ভাটীবোৰত সুৰা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অতি বিসংগতিপূৰ্ণ আৰু ভেজালকৃত বুলি জানিব পৰা গৈছে৷ অত্যাধিক ধন ঘটাৰ লোভত উক্ত গ্ৰামাঞ্চলবোৰৰ এচাম অসাধু ব্যৱসায়ীয়ে প্ৰস্তুত কৰা চুলাই মদত ইউৰিয়া সাৰ, চাধাৰ ৰস, চেণ্ডেলৰ টুকুৰা, ন-সাগৰ, চাবোনৰ পানী, চুৰাতৰ পাত আদি মিহলি কৰে বুলি জানিব পৰা গৈছে৷
এনেদৰে প্ৰস্তুত কৰা মদে সুৰাসেৱীৰ মাজত মাৰাত্মক ব্যাধি সহজেই বিয়পোৱাৰ উপৰি মানসিক ভাৰসাম্যহীনতাত ভোগোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি একাংশ সচেতন নাগৰিকে মন্তব্য কৰিছে৷ কিন্তু এইদৰে অবৈধ চুলাই ভাতীবোৰত বিষাক্ত দ্ৰব্য মিহলি সুৰাৰ ৰমৰমীয়া বেহা চলি থকা সত্ত্বেও আবকাৰী আৰু আৰক্ষী কিম্বা জিলা প্ৰশাসনে কোনো ব্যবস্থা গ্ৰহন নকৰাত সচেতন লোকসকলে আশ্চৰ্য প্ৰকাশ কৰিছে৷
আনকি, উজনিৰ সুৰা ট্ৰেজেদিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ পিছতো পশ্চিম নগাঁৱৰ এইবোৰ চুলাই ভাতিত এই পৰ্যন্ত উচ্ছেদ অভিযান চলোৱাৰ পৰা বিৰত থকা বিষয়টোয়ে আবকাৰী আৰু আৰক্ষীৰ লগত অবৈধ ব্যৱসায়ীৰ যে গোপন বুজাবুজি আছে সেইটো স্পষ্ট হৈ পৰিছে৷
কাজেই, কমিচনৰ অংক বাদ দি আৰক্ষী আৰু আবকাৰী বিভাগে যদি এই অবৈধ চুলাইৰ ব্যাপক বেহাৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহন নকৰে তেনেহ’লে নগাঁৱতো কোনোবা দিনা বিষাক্ত চুলাই মদে উজনিৰ দৰে বিভীষিকাৰ সূচনা কৰিব বুলি সচেতন ৰাইজে আশংকা ব্যক্ত কৰিছে৷