নলবাৰীঃ নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰত বুধবাৰে এখন ৰবি শস্যৰ প্ৰদৰ্শনীৰ লগতে কৰ্মশালা অনুষ্ঠিত হয়। নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে মুকলি কৰা প্ৰদৰ্শনীখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে।
ইয়াৰ পিছতেই কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা ৰবি শস্যৰ কৰ্মশালাত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য সমন্বয়ক মূদুল ডেকাই অনুষ্ঠানটোত আঁত ধৰে।
আনহাতে, বিধায়ক অশোক শৰ্মা, অসম কৃষি বিশ্ব বিদ্যালয়ৰ জল ব্যাৱস্থাপনা বিভাগৰ মুখ্য বিজ্ঞানী ৰমনী কান্ত ঠাকুৰীয়া, নলবাৰী জিলা কৃষি বিষয়া প্ৰনৱ শইকীয়া, সহঃ সঞ্চালক হেমন্ত কলিতা, পশু পালন বিষয়া অশ্বিনী কলিতা, নলবাৰী জিলা পথাৰ পৰিচালনা সমিতিৰ সভাপতি জয়চৰন হালৈৰ লগতে জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বঁটা লাভ কৰা ভালে কেইজন কৃষক অনুষ্ঠানটিত উপস্থিত থাকে।