নামৰূপঃ বিজ্ঞানী চন্দ্ৰশখৰ ভেংকট ৰমনৰ জন্ম দিনৰ লগত সংগতি ৰাখি বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰতি বছৰে ভাৰতত ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই উপলক্ষে বৃহস্পতিবাৰে নামৰূপ মহাবিদ্যালয়ৰ সামাজিক সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু নামৰূপ মহাবিদ্যালয় পৰিয়ালৰ সৌজন্যত মহাবিদ্যালয়ৰ পাৰ্শ্ৱৱৰ্তী এলেকাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ মডেল, প্ৰজেক্ট আৰু প’ষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
মুঠ একচল্লিশটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লগতে মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিজ্ঞান বিষয়ক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শাখাৰ পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰোৱাৰ লগতে ইয়াৰ এক থূলমূল আভাষ দিয়া হয়। এই কাৰ্যসূচী পৰিচালনা কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° দুৰ্গা প্ৰসাদ গগৈ আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত সোনোৱালে।
বঁটা বিতৰণী সভাত দুটা শাখাত বিজয়ী দল ছটাৰ লগতে আন চাৰিটা দলক উদগনিমূলক বঁটা প্ৰদান কৰা হয়। সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অতুল গগৈয়ে। সামাজিক-সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সম্পাদিকা ৰিজুমণি দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ দিয়ে ভাৰপ্ৰাপ্ত উপাধ্যক্ষ বিমল গগৈয়ে। বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰঞ্জনা বৰদলৈয়ে।
'মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞান মানুহৰ বাবে’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক উৎপলা বৰ্মন বৰুৱাই। বঁটা বিতৰণী আৰু মান-পত্ৰ প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰে সামাজিক সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি তথা শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক দিপ্তী দত্ত শইকীয়াই।