গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল ভৰি পৰিছে দিল্লীৱালা নেতাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি যুৱৰাজ ৰাহুল গান্ধীলৈকে সকলোৰে এতিয়া মেঘালয় আৰু নাগালেণ্ডৰ ওপৰত চকু৷

ৰাজপাট দখল কৰিবলৈ উঠি-পৰি লাগিছে শাসক আৰু বিৰোধি৷ ন’ ন’ প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ কাষ চাপিছে দল সমূহ৷ যোৱা দুটা দিনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মেঘালয় আৰু নাগালেণ্ডত প্ৰচাৰ চলাই৷ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা ভোট দানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী-নেতাৰে এতিয়া ভৰি পৰিছে উত্তৰ পূৰ্বাঞ্চল৷

ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচন গৰম বতাহৰ মাজতে ইতিমধ্যে ত্ৰিপুৰাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷ বাকী থাকিল মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচন৷

ৰাজ্য দুখনৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈ উঠিছে৷ ২৭ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা ভোটদান অনুষ্ঠিত হ’ব৷ এচছিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্ম নামৰ অনুষ্ঠানটোৱে চলোৱা সমীক্ষা অনুযায়ী নাগালেণ্ডৰ ৬০টা বিধান সভা সমষ্টিত ১৯৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে৷

ইয়াৰে ১৯৩গৰাকী প্ৰাৰ্থীৰ মনোনয়নৰ সৈতে গাঁঠি দিয়া তথ্যৰ সমীক্ষা চলাই এক প্ৰতিবেদন প্ৰস্তুত কৰে৷ প্ৰতিবেদন অনুযায়ী সৰু ৰাজ্য খনৰ ১১৪গৰাকী প্ৰাৰ্থীয়েই কোটি পতি৷ সকলোতকৈ প্ৰতিপত্তিশীল প্ৰাৰ্থীগৰাকী হ’ল জেডিইউৰ ৰামাংগ লথা৷ ৰামাংগ লথাৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৩৯ কোটি৷ প্ৰাক্তন আইএএছগৰাকীয়ে এইবাৰ চানিছ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷

মুখ্যমন্ত্ৰী টিআৰ জিলিঙাৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩ কোটি৷ প্ৰভাৱশালী নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী নেউফি ৰাও আৰু কে এল চিছিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই যদিও কেইবা কোটিৰ গৰাকী৷ ৪৬গৰাক প্ৰাৰ্থী ৫ কোটিতকৈয়ো অধিক সম্পত্তিৰ গৰাকী৷ ৪২গৰাকী প্ৰাৰ্থী ২ কোটিতকৈয়ো অধিক সম্পত্তিৰ গৰাকী৷

৬০ গৰাকী ৫০ লাখ, ১৯গৰাকী ১০ লাখতকৈ অধিক সম্পত্তিৰ গৰাকী বুলি প্ৰতিবেদনত প্ৰকাশ৷ ইতিমধ্যে ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷

২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড-মেঘালয়ত একেটা দিনতেই ভোটদান অনুষ্ঠিত হ’ব৷ তিনিওঁ খন ৰাজ্যত ৩ মাৰ্চত নিৰ্বাচনৰ ভোট গণনা তথা ফলাফল ঘোষণা হ’ব৷ ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত ৬০ খনকৈ আছে বিধান সভা আসন৷ ইতিমধ্যে কেন্দ্ৰৰ শাসকীয় দল বিজেপি, কংগ্ৰেছ তথা আঞ্চলিক দল সমূহে তীব্ৰ প্ৰচাৰ চলাই গৈছে৷

কিন্তু উত্তৰ পূৰ্বাঞ্চল সদায় লাঞ্চিত বঞ্চিত বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ দিল্লীৰ চৰকাৰে সদায় উত্তৰ পূৰ্বাঞ্চলৰ চাহ পাত, খাৰুৱা তেল আদিক গুৰুত্ব দিয়ে যদিও উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই আন্দোলন নকৰিলে একো লাভ নকৰে বুলি চৰ্চা আজিৰ নহয়৷ সেনাৰ দ্বাৰা আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হয়৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ জৰিয়তে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হয়৷ বানপানী, গৰাখহনীয়া, দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকৰসকলৰ হৈ বিশেষ একো নকৰাৰ অভিযোগ উত্থাপন হয়৷ বিশেষ ৰাজ্যৰ মৰ্যদাৰে দি অহা পূঁজি বন্ধ কৰি বঞ্চিত কৰা৷ উন্নত উচ্চ শিক্ষানুষ্ঠান স্থাপন নকৰা, আইটি শিক্ষা প্ৰতিষ্ঠান স্থাপন নকৰা, চিকিৎসা প্ৰতিষ্ঠান স্থাপন নকৰা, বিদেশী সমস্যাৰ সমাধান নকৰাৰ লগতে শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ভাৰত বৰ্ষৰ আন ঠাইৰ তুলনাত আজিও পিছপৰি আছে উত্তৰ পূৰ্বাঞ্চল৷