গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল ভৰি পৰিছে দিল্লীৱালা নেতাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি যুৱৰাজ ৰাহুল গান্ধীলৈকে সকলোৰে এতিয়া মেঘালয় আৰু নাগালেণ্ডৰ ওপৰত চকু৷
ৰাজপাট দখল কৰিবলৈ উঠি-পৰি লাগিছে শাসক আৰু বিৰোধি৷ ন’ ন’ প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ কাষ চাপিছে দল সমূহ৷ যোৱা দুটা দিনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মেঘালয় আৰু নাগালেণ্ডত প্ৰচাৰ চলাই৷ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা ভোট দানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী-নেতাৰে এতিয়া ভৰি পৰিছে উত্তৰ পূৰ্বাঞ্চল৷