নাগালেণ্ডঃ উত্তৰ-পূবাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নেফিঅ’ ৰিঅ’ই৷ উল্লেখ্য যে নাগালেণ্ডত এনডিপিপি দলে বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী ক’হিমা লোকেল গ্ৰাউণ্ডত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল পিবি আচাৰ্যই৷
মুখ্যমন্ত্ৰীৰ লগতে নৱগঠিত চৰকাৰৰ ১০গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লয়৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ উত্তৰ-পূবৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্তও উপস্থিত থাকে৷
#নেফিঅ’ ৰিঅ’ৰ বিষয়ে জানিবলৈ পঢ়ক তলৰ কথাখিনি।
#১৯৫০ চনৰ ১১ নৱেম্বৰত জন্মগ্ৰহণ কৰা নেফিঅ ৰিঅই হৈছে নাগালেণ্ডৰ একমাত্ৰ মুখ্যমন্ত্ৰী, যিয়েই একেলেথাৰিয়ে ২০০৩-২০১৪ চনলৈ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল৷ নাগালেণ্ডত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিছতেই ৰিঅ’ই চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷
বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত ৰিঅই আংগামী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাই বিজয়ী হয়৷
৬৭ বছৰীয়া ৰিঅই শিক্ষা জীৱনৰ পাতনি মেলিছিল কহিমাৰ বেপ্তিষ্ট স্কুলৰ লগতে পশ্চিম বংগৰ পুৰুলিয়াৰ সৈনিক স্কুলত৷ আনহাতে উচ্চ শিক্ষা দাৰ্জিলিঙৰ ছেণ্ট যোছেফ কলেজত গ্ৰহণ কৰাৰ লগতে স্নাতক ডিগ্ৰী লাভ কৰে কহিমা আৰ্টছ কলেজৰ পৰা৷
একেৰাহে নাগালেণ্ডত ১১ বছৰ মুখ্যমন্ত্ৰীৰ গাদীত বহা নেফিঅ ৰিঅই ৰাজনৈকিত জীৱন আৰম্ভ কৰিছিল ১৯৭৪ কহিমা জিলাৰ যুৱ শাখাৰ সভাপতিৰূপে নিৰ্বাচিত হৈ৷ আনহাতে ৰিঅই ১৯৭৬-৭৭ চনত ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ কাৰ্যবাহী পদতো অধিষ্ঠিত হৈছিল৷
এচছিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মৰ অনুসৰি নাগালেণ্ডৰ আটাইতকৈ ধনী বিধায়ক হিচাপে নেফিঅ ৰিঅ’ৰ ধন-সম্পত্তিৰ পৰিমাণ হ’ল ৩৬কোটি টকা৷
১৯৮৯ চনত নেফিঅ ৰিঅই কংগ্ৰেছৰ পৰা টিকট লাভ কৰি নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ ৰিঅ’ই বিভিন্ন মন্ত্ৰী দপ্তৰলৈ দায়িত্ব লৈছিল৷ ২০০২ চনৰ নৱেম্বৰ মাহত বিধানসভাৰ লগতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল৷ নগা বিষয়ক লৈ সেই সময়ৰ মুখ্যমন্ত্ৰী এছচি জামিৰেও ৰিঅ’ৰ সৈতে পদত্যাগ কৰিছিল৷
কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতেই ৰিঅই যোগদান কৰিছিল নগা পিপুলছ ফ্ৰণ্টত৷ এই দলটোৰ সৈতে নগা অাঞ্চলিক দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে লগলাগি ডেমক্ৰেটিক এলায়েঞ্চ অফ নাগালেণ্ড গঠন কৰিছিল৷ ৰিঅই ২০০৩ চনত নাগালেণ্ড বিধানয়ভাত জয়ী হৈ মুখ্যমন্ত্ৰী হোৱাৰ লগতে ২০১৪ চনলৈকে শাসনভাৰ গ্ৰহণ কৰি আছিল৷
নেফিঅ ৰিঅ’ই নগা পিপুলছ ফ্ৰণ্টৰ পৰা ফালৰি কাটি যোগদান কৰিছিল নেচনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিত৷ তেওঁ ২০১৭ চনৰ মে মাহত দলটোত যোগদান কৰি ৰাজনৈতিক দিশত গুৰি ধৰোঁতা হিচাপে কাম কৰিছিল৷
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে এনডিপিপিয়ে মিত্ৰতা কৰি চৰকাৰ গঠন কৰে৷ তেওঁলোকৰ চৰকাৰ গঠনত সমৰ্থন আগবঢ়াই নিৰ্দলীয় আৰু জেডিইউৰ এগৰাকীকৈ বিধায়কে৷ এনডিপিপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত নেফিঅ ৰিঅ’ই চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে৷
নেফিঅ ৰিঅৰ পত্নীৰ নাম হ’ল কেইছা ৰিঅ৷ তেওঁলোকৰ পাঁচগৰাকী কন্যা সন্তানৰ লগতে এজন পুত্ৰ সন্তান আছে৷