ডিজিটেল ডেস্কঃ নেতাজীৰ মৃত্যুক লৈ মতানৈক্য, বিতর্ক আজিও অব্যাহত আছে৷ মতানৈক্য, বিতর্কৰ সৃষ্টি হলেও মহানায়ক নেতাজীৰ নাম বুৰঞ্জীৰ পৰা কোনেও মচিব নোৱাৰে৷ জাপানৰ এটি মন্দিৰত নেতাজী সুভাষ চন্দ্ৰৰ বসুৰ চিতা ভস্ম থকা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷ এই বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰিয়ালে৷
পৰিয়ালে চিতা ভস্ম ভাৰতলৈ আনি DNA পৰীক্ষা কৰাৰ দাবী জনায়৷ নেতাজীৰ কন্যা অনিতা বসু পাফে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব বুলিও জানবলি দিয়ে৷ ১৯৪৫ চনৰ ১৮ আগষ্টত বিমান দুৰ্ঘটনাত সুভাষ চন্দ্ৰ বসুৰ চৰকাৰে মৃত্যু হোৱা বুলি ইতিমধ্যে স্পষ্ট কৰে৷ কিন্তু এই প্ৰচাৰক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰি আহিছে৷ একাংশই কেন্দ্ৰৰ এই দাবীক ভুল বুলিও কয়৷
বিশেষজ্ঞৰ মতে জাপানত বসুৰ শেষকৃত্য কৰা হৈছিল৷ টকিঅ’ৰ ৰেনকোজি মন্দিৰত তেওৰ চিতাভস্ম আছে বুলি কয়৷ ৭৪ বছৰ বয়সৰ নেতাজীৰ কন্যা অনিতাই কয় মোৰ পিতৃৰ কোনো স্মৃতি নাই৷ মই যেতিয়া দেউতাক ওচৰত পাইছিলো তেতিয়া মোৰ বয়স একমাহ আছিল৷ দুটি তদন্ত আয়োগে নেতাজীৰ মৃত্যু বিমান দুৰ্ঘটনাত হোৱা বুলি থিৰাং কৰিছে৷ কিন্তু ‘গুমনামি বাবা’ৰ দৰে ভিত্তীহিন কিছু প্ৰচাৰৰ জৰিয়তে নেতাজীক৷