গোলাঘাটঃ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা শ্ৰী সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে । 

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।