newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ নহয় মহাৰাষ্ট্ৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ৱ শিৱসেনাৰ পৰা৷ শিৱসেনা আৰু বিজেপিয়ে মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে যদিও প্ৰতিদিনে বিজেপিক আক্ৰমণ কৰে শিৱসেনাৰ নেতাই৷

তাৰ মাজতে মহাৰাষ্ট্ৰত যে পৰৱৰ্তী মুখ্যমন্ত্ৰী গৰাকী শিৱ সেনাৰ হ’ব সেই কথাৰ উমান দিলে উদ্ধৱ থাকৰেই৷ বুধবাৰে এই কথা খোদ প্ৰকাশ কৰিলে শিৱ সেনাৰ মুৰব্বী উদ্ধাৱ থাকৰেই৷ উদ্ধাৱ থাকৰেই কয় ‘‘আমি প্ৰতিজ্ঞাবদ্ধ, আৰু সেই দৰেই কৰি আহিছোঁ৷

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনাই এনডিএৰ পৰা তথা বিজেপিৰ সংগ এৰি তৃতীয় মৰ্চা গঠন কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে৷ সেই চৰ্চাক নস্যাৎ কৰে বিজেপিক সমালোচনা কৰি আহিলেও কোনো তৃতীয় মৰ্চাত নাই বুলি কয় থাকৰেই৷
   
আগন্তুক লোকসভা নিৰ্বাচনত যদি শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰজোঁট গঢ়ি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে তেন্তে খবৰ মতে উদ্ধৱ থাকৰেক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদ এৰি দিব লাগিব বিজেপিয়ে৷