গুৱাহাটীঃ সত্তৰ দশকৰ পৰা অসমীয়া অভিনয় জগতক নতুন পথ দেখুৱাবলৈ এগৰাকী মানুহে অহৰহ চেষ্টা কৰিছিল৷ উজনিৰ গোলাঘাট জিলাৰ পৰা নাট্য চৰ্চাৰে অভিনয় জগতত ভৰি থোৱা মানুহজনে নাটকৰ জগতত খোজ থৈয়ে গ্ৰাম্য এলেকাৰ অভিনয় প্ৰতিভা সমূহ পোহৰলৈ আনিব বিচাৰিছিল৷

উজনিৰ বিভিন্ন প্ৰান্তৰ সেই কালৰ নতুন প্ৰতিভাক একত্ৰিত কৰি অভিনয় জগত খনত নতুন প্ৰতিভাক উজলাই তুলিব বিচাৰিছিল৷ নাটকৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা সেইগৰাকী লোক হৈছে মুনিন বৰুৱা৷ 

নাটকৰ পৰা অভিনয় জগতত কাম আৰম্ভ কৰা মুনিন বৰুৱাই এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে ছবি জগতত ভৰি থয়৷ নাটকৰ লগে লগে সত্তৰ-আশীৰ দশকৰ জনপ্ৰিয় বোলছবি বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা ছবিত চিত্ৰনাট্যকাৰ হিচাবে কেৰিয়াৰ আৰম্ভ কৰে। সেইগৰাকী মুনিন বৰুৱাই আমাৰ মাজৰ পৰা আতৰি গ’ল৷

চলচ্চিত্ৰ জগতত অলেখ স্মৃতি এৰি আমাৰ মাজৰ পৰা আতৰি গ’ল মুনিন বৰুৱা৷ অসমৰ চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকীয়ে বহু দি গ’ল অসমীয়া জাতিক৷ যি কৰ্মৰাজীৰ স্মৃতিয়ে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব মুনিন বৰুৱা। যতীন বৰাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী বলিষ্ঠ অভিনেতাক অসমীয়া ছবি জগতত উজলি উঠাত সহায় কৰিছিল তেওঁ৷  

জীয়াই থকা কালত অসমীয়া চলচিত্ৰ-নাটকৰ জগতৰ বাবে আৰু নৱ প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ বাবে আশীৰ্বাদ হৈ আছিল মুনিন বৰুৱা৷ মৃত্যুৰ পিছতো তেওঁৰ কৰ্মৰাজীয়ে চিৰদিন আশীৰ্বাদ হৈয়ে থাকিব৷ অসমীয়া জাতিয়ে তেওৰ কৰ্মৰাজী জীয়াই ৰাখিব লাগিব৷

১৯৪৭ চনত গোলাঘাট জিলাৰ খুমটাই তেওঁৰ জন্ম হৈছিল৷ সত্তৰৰ দশকৰ পৰা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে সক্ৰিয় হৈ থকা মুনিন বৰুৱাই হিয়া দিয়া নিয়া, বোৱাৰী, নায়ক, বিধাতা আদি ছবিৰ লগতে বহু নাটকৰ সৈতে জৰিত হৈ আছিল৷ ২০০১-০২ চনৰ বাবে নায়ক ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, দীনবন্ধু ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা, বাৰুদ ছবিৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল তেওঁ৷ 

সত্তৰৰ দশকৰ পৰা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে সক্ৰিয় হৈ থকা মুনিন বৰুৱাই প্ৰতিমা, পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়া আদি ছবি পৰিচালনা কৰাৰ লগতে বহু নাটকৰ সৈতে জৰিত হৈ আছিল৷ আঘাট, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্যকে ধৰি ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখি অলেখ স্মৃতি এৰি থৈ গ’ল আমাৰ স্মৃতি৷ যি স্মৃতিৰ সহায়ত অসমীয়া ছবিজগতত নতুন প্ৰজন্মই বহু শিকিব পাৰিব৷ কেৱল জাতিটোৱে তেওঁৰ কৰ্মৰাজীক আদৰ কৰিব লাগিব৷ 

শুকুৰবাৰে নিশা ২ বজাত মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ নিজা বাসগৃহত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। চলচ্চিত্ৰ পৰিচালক তথা নাট্যকাৰ মুনিন বৰুৱাৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতেই ৰাজ্যত শোকৰ ছাঁ পৰে৷ চলচ্চিত্ৰ পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, শিল্পী জুবলী, প্ৰাঞ্জল ফুকন, অভিনেত্ৰী আইমী বৰুৱা, যতীন বৰাকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ বহু বৰেণ্য লোক৷

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱা আমাৰ মাজত নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও শুকুৰবাৰে নিশা ২ বজাত সকলোৱে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল তেঁও৷ তেওঁৰ মৃত্যুয়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া চলচ্চিত্ৰ-নাটকৰ জগতখনত৷ ১৯৭৪ চনত অসমীয়া অভিনেত্ৰী মঞ্জুলা বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তেওঁ। বিয়াৰ পিছতেই গোলাঘাটৰ ঘৰৰ পৰা ১৯৮৮ চনত গুৱাহাটীলৈ আহে বৰুৱাই৷ বৰুৱা দুই সন্তানৰ পিতৃ৷

ৰাজ্যিক মৰ্যদাৰে পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ শনিবাৰে বাসগৃহৰ পৰা মৃতদেহ জ্যোতি চিত্ৰবনলৈ নিয়া হয়৷ জ্যোতি চিত্ৰবন ছবিজগতৰ বিভিন্ন লোক উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি যাচে৷ তাৰ পাছতে শেষ যাত্ৰা কৰি নৱগ্ৰহ শ্মশানলৈ নিয়া হয় পৰিচালক-নাট্যকাৰ মুনিন বৰুৱাৰ নশ্বৰদেহ। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব মুনিন বৰুৱাৰ শেষকৃত্য।