The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা মুম্বাইত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ এটি ষ্টুডিঅ ভস্মীভূত হয়৷ মুম্বাইৰ কাঞ্জুৰ নগৰত থকা ফিল্ম জগতৰ আগশাৰীৰ ষ্টুডিঅ চিনেভেষ্টা ষ্টুডিঅ সংঘটিত অগ্নিকাণ্ড ইমানে ভয়াবহ আছিল যে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল৷

অভিনেতা প্ৰেমনাথৰ পৰিয়ালৰ লোকৰ আছিল ষ্টুডিঅটো৷ অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত ‘বেপানা’ নামৰ জনপ্ৰিয় ধাৰাবাহীক খনৰ শ্বুটিং চলি আছিল৷

প্ৰায় ২০০ কলা-কুশলী, অভিনেতাই কাম কৰি আছিল ষ্টুডিঅটোত৷ ততাতৈয়াকৈ সকলোকে বাহিৰলৈ লৈ অহা হয়৷ সকলোকে বাহিৰলৈ অনা হয় আৰক্ষী তথা প্ৰশাসনৰ সহযোগত৷ নিশা প্ৰায় বাৰ বজালৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল যদিও পিছত নিয়ন্ত্ৰণলৈ আহে৷

অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা হৈছে সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে৷