ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত শিশুৰ ওপৰত যৌন নিৰ্যাতন অব্যাহত আছে। চৰকাৰৰ বিভিন্ন পদক্ষেপ যে একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে সেয়া নিতৌ সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাই স্পষ্ট কৰে৷

দেশত কেইদিন মানৰ ভিতৰত কেইবাটাওঁ শিশুক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ ৪ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত বৃহস্পতিবাৰে এজন লোকক কেৰালা আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে আটক কৰা যোছেফ মেথুৰ নামৰ লোকজন কেৰালাৰ কোট্ৰায়ামৰ আশ্বাছা ভৱনৰ সঞ্চালক। আশ্বাছা ভৱন হ'ল শিশু গৃহ যত নাবালিকা সকলক ৰখা হয়৷ অসহায় শিশু, কিশোৰীক ৰখা হয়।

অভিযোগ অনুসৰি, এই গৃহৰ এগৰাকী শিশুক ভয় দেখুৱাই দীৰ্ঘ দিন ধৰি যোছেফে শাৰিৰীক নিৰ্যাতন চলাই আহিছিল৷ আৰক্ষীয়ে যোছেফে যোৱা ২৫ বছৰ ধৰি এই গৃহটো চলাই আহিছিল বুলি কৈ তদুপৰি ধৃত লোকজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ নতুন নহয় বুলি কয়৷

ইয়াৰ পূৰ্বে যোৱা বছৰ আশ্বাছা গৃহতে ১২ বছৰৰ এগৰাকী কিশোৰীয়ে যোছেফৰ বিভিন্ন অসৎ কাৰ্যকলাপৰ কথা পোহৰলৈ আনিছিল ৷ তাৰ ভিত্তিত জুলাই মাহত যোছেফক আটক কৰা হয় যদিও জামিনত মুকলি হয়৷ পুণৰ অভিযোগ উত্থাপন হোৱাত অভিযুক্ত যোছেফৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰা হৈছে৷ লগতে তেওঁক আটকো কৰা হৈছে৷ উল্লেখ্য, অভিযোগকাৰীসকলৰ বয়স ৫ পৰা ১৪ৰ ভিতৰত বুলি জনা গৈছে।