ডিজিটেল ডিস্কঃ এগৰাকী কাশ্মীৰৰ ছাত্ৰক মাৰধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত৷ টুইটাৰ যোগে ছাত্ৰগৰাকীয়ে এই কথা ৰাজহুৱা কৰে৷ মহেন্দ্ৰগড় জিলাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়ি থকা কাশ্মীৰৰ ছাত্ৰগৰাকীক স্থানীয় লোকে বেয়াকৈ মাৰ ধৰ কৰে। জাবিদ ইকবাল নামৰ ছাত্ৰগৰাকীয়ে জুম্মাৰ নামাজ পঢ়িবলৈ যোৱাৰ সময়তে আক্ৰমণ কৰে একাংশ লোকে৷ জাবিদে টুইট কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে৷
জাবিদে টুইট যোগে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতি, গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগতে জম্মু-কাশ্মীৰৰ আৰক্ষীক অৱগত কৰে৷ জম্মু-কাশ্মীৰৰ ডিজিপি আৰু হাৰিয়ানাৰ ডিজিপিৰ মাজত হোৱা আলোচনাৰ পিছত হাৰিয়ানা আৰক্ষীয়ে এজাহাৰ দাখিল কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে টুইট কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷