ডিজিটেল ডেস্কঃ এতিয়া ক’ত থাকিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ৷ নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে অসমৰ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মাণিক সৰকাৰৰ থকা ঠাই নিৰ্ধাৰণ কৰি কটাক্ষ কৰে৷ বিজেপিয়ে ত্ৰিপুৰাৰ নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খেলি ভাল ফলাফল কৰাৰ পিছতে মাণিত সৰকাৰক পূৰ্বৰ দৰে আক্ৰমণ কৰি বাংলাদেশক পঠিওৱাৰ কথা উল্লেখ কৰে৷

সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত শৰ্মাই কয়, শ্ৰী সৰকাৰৰ বাবে এতিয়া কেৱল পশ্চিম বংগ, কেৰেলা আৰু চুবুৰীয়া বাংলাদেশতহে শৰণাগত হ’ব পৰা ঠাই আছে বুলি৷ কিয়নো পশ্চিম বংগত চিপিএম দলৰ আধিপত্য বৰ্তমানেও অলপীয়াকৈ বিৰাজমান হৈ আছে৷

আনহাতে কেৰেলাতো সৰকাৰৰ দলেই শাসন কৰি থকাৰ লগতে আৰু তিনি বছৰ হাতত আছে শাসনৰ চাবি-কাঠি৷ নহ’লে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈও যাব পাৰে মাণিক সৰকাৰ৷ ইমানদিনে মাণিক সৰকাৰৰ শাসনাধীন ৰাজ্যখনত আগন্তুক চৰকাৰ বিজেপিয়ে গঠন কৰিবলৈ গৈ আছে৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাই এনে বিতৰ্কিত মন্তব্য মাণিক সৰকাৰক লৈ পূৰ্বেও কৰিছিল৷

হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক বিধানসভা নিৰ্বাচনৰ পিছত বাংলাদেশলৈ পঠিয়াই দিয়া হ’ব৷ এই মন্তব্য কৰিছিল সৰকাৰৰ নিৰ্বাচনী সমষ্টি ধানপুৰত হিমন্ত বিশ্ব শৰ্মাই দেশৰ সীমা পাৰ হৈ অহা অপৰাধী তথা ৰাজ্যখনৰ অৱনমিত আইন-কানুনৰ ব্যৱস্থাকলৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত৷ উল্লেখ্য যে, ৬৯ বৰ্ষীয় মাণিক সৰকাৰে ১৯৯৮ চনৰ পৰা একেৰাহে চাৰি বছৰ কাল চিপিআইএমক শাসন কৰাৰ লগতে সৰকাৰ চিপিআইএম দলৰ কাৰ্যবাহী সমিতিৰো সদস্য আছিল৷