শিমলুগুৰিঃ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ চন্দনৰ বড়োৰ পাছত শিমলুগুৰিৰ পাৰ্থিৱ সুন্দৰ গগৈয়ে যাব জাৰ্মানীলৈ৷ ক্ৰীড়া প্ৰতিভাৰ বলত ফুটবল খেলত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ গড়গাঁৱৰ পাৰ্থিৱ সুন্দৰ গগৈয়ে।

এই কিশোৰজনে সুদূৰ জাৰ্মানীত ১৫ বছৰ অনুৰ্দ্ধৰ ফুটবল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। মাত্ৰ চাৰি বছৰ বয়সত ফুটবলৰ প্ৰতি আকৰ্ষিত হোৱা পাৰ্থিৱে গড়গাঁও ফুটবল কচিং চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।

বৰ্তমান বাংগালুৰুৰ অজন একাদশৰ লগত জড়িত এই কিশোৰটিয়ে বিদেশত অসমৰ হৈ একমাত্ৰ খেলুৱৈ হিচাপে খেলাৰ সুযোগ লাভ কৰিছে । গড়গাঁও খনিকৰ গাঁৱৰ পৱন গগৈ আৰু শুভা গগৈৰ কনিষ্ঠ পুত্ৰ পাৰ্থিৱ সুন্দৰ গগৈৰ এই খবৰে স্বাভাৱিকতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িযাই আনিছে।