Deccan Chronicle
Deccan Chronicle

ডিজিটেল ডেস্কঃ তেলেগু দশম পাৰ্টি চমুকৈ টিডিপি দলৰ আন্দোলনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ দেশৰ সংবাদ মাধ্যমত টিডিপিকলৈ চৰ্চা অব্যাহত আছে৷ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিব খুজিছে৷ অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ যাৰ ফলত ছিৰাল ফাট মেলে বিজেপি আৰু টিডিপিৰ সম্পৰ্কত৷

#কি বিচাৰিছে টিডিপিয়ে?

#অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা
#কেন্দ্ৰীয় চৰকাৰে পোলাবৰাম পৰিকল্পনাৰ বাবে ৫৮,০০০ কোটি টকা তৎকালে মুকলি কৰি দিয়ক
#অমৰাৱতীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত পৰ্যাপ্ত ধনৰাশি সুনিশ্চিত কৰা৷
#কেন্দ্ৰীয় চৰকাৰে ৰাজ্য খনত বিধান সভাৰ আসন ১৭৫ খনৰ পৰা ২২৫ খনলৈ বৃদ্ধি কৰা৷ 

অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত যোৱা প্ৰায় ৪ বছৰ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সংসদৰ ভিতৰৰ পৰা আৰম্ভ কৰি অন্ধ্ৰপ্ৰদেশৰ ৰাজ পথ উত্তাল কৰি আহিছে৷ এই দাবী সময়ে সময়ে উত্থাপন কৰি আহিছে যদিও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা এই দাবীক লৈ সৰৱ হৈ পৰে দলটোৱে৷ 

তেলেগু দশম পাৰ্টি চমুকৈ টিডিপিৰ মুৰব্বী চন্দ্ৰ বাবু নাইডুৱে আন কোনো কথাক লৈ অৱতাৰণা কৰিব খোজা নাই৷ কেৱল ২০১৪ চনত তেওলোকে উত্থাপন কৰা দাবী পূৰণ কৰাৰ বাবে দাবী জনাই আহিছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ইতিমধ্যে স্পষ্টি কৰি দিছে কোনো কাৰণত বিশেষ ৰাজ্যৰ মৰ্দা দিয়া নহয় বুলি৷ চৰকাৰে কেৱল বিশেষ পেকেজ দিয়া হ’ব বুলি কয়৷ 

২০১৯ চনত লোক সভা আৰু বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব অন্ধ্ৰপ্ৰদেশত৷ এনে সময়ত নৰেন্দ্ৰ মোডী চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে টিডিপিয়ে আকোৰগোজ হৈ পৰে৷ একপ্ৰকাৰ আক্ৰমণাত্মক হৈ পৰে দলটোৱে৷ হয়তো অনডিএৰ পৰা ওলাই আহিব টিডিপি৷ মিত্ৰজোঁট ভংগ কৰিব চন্দ্ৰ বাবু নাইডুৱে৷

দলটোৰ মতে, ৰাজ্য খন দুটা ভাগত বিভক্ত হোৱাৰ পিছত অন্ধ্ৰপ্ৰদেশ ৰাজ্য বিত্ত সংকটত পৰি ককবকাই আছে৷ এই ক্ষেত্ৰত আইনৰ জৰিয়তে প্ৰতিবন্ধকতা সমূহ আতৰাই তেওঁলোকৰ দাবী সমূহ কাৰ্যকৰী কৰাৰ দাবী জনায়৷ অন্যথাই অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে ন’ ন’ সমস্যাৰ সৃষ্টি হ’ব বুলি কয়৷

ৰাজ্য খনত ২০১৪ চনত অনুষ্ঠিত হোৱা বিধান সভা নিৰ্বাচনত বিজেপি আৰু টিডিপি মিত্ৰ জোঁটে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়৷ বিজেপি আৰু টিডিপি মিত্ৰ জোঁটে ১৭৫ খন আসনৰ ১০২ খন আসন লাভ কৰিছিল৷ 

কিন্তু বিজেপিয়ে মাত্ৰ ২ খন আসনত হে জয়ী হৈছিল৷ কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি নিৰ্বাচনত অৱতীৰ্ণ হোৱা জগমোহন ৰেড্ডীয়ে মাথো ৬৭ খন আসন হে লাভ কৰিছিল৷ একেটা বছৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত টিডিপিৰ ১৫ গৰাকী সাংসদ জয়ী হৈছিল৷ বৰ্তমান দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছে তেওঁলোকৰ৷ 
 
চন্দ্ৰ বাবু নাইডুৱে বৃহস্পতিবাৰে কয়, অন্ধ্ৰপ্ৰদেশৰ সকলো নাগৰিকে একেলগে থিয় হ’ব লাগিব৷ মই ইয়াৰ জৰিয়তে ইয়াকে কোৱা নাই আপোনালোকে সিদ্ধান্ত সলনি কৰক৷ ৰাজ্যৰ বাবে চিন্তা কৰক আৰু কাম কৰক৷ মই দুয়োগাৰকী কেন্দ্ৰীয় মন্ত্ৰীক ৰাজ্যৰ হিতৰ বাবে কাম কৰি যাবলৈ কৈছো৷ আনহাতে দলৰটোৰ কেইবাগাৰকী নেতাই বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

ইতিমধ্যে দুয়ো দলৰ সম্পৰ্কৰ ইতি পৰা বুলি খবৰ ওলাইছে৷ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৰা মন্তব্যত অসন্তুষ্ট চন্দ্ৰ বাবু নাইডু সম্পৰ্ক ছেদ কৰে৷