ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৬ খন ৰাজ্যত ৰাজ্য সভাৰ ২৫ খন আসনৰ ভোটগ্ৰহণৰ লগতে ভোটগণনাও অনুষ্ঠিত হয়৷ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটদান পৰ্ব৷ যোৱা এপ্ৰিল মাহত ৰাজ্যসভাৰ ৫৯খন আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত ১০ খন ৰাজ্যত শুকুৰবাৰে ২৬খন আসনৰ বাবেহে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷

ৰাজ্য কেইখন হৈছে উত্তৰ-প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, ঝাৰখণ্ড, কেৰেলা, চট্টীশগড় আৰু তেলেংগানা৷ ৰাজ্যকেইখনৰ ভিতৰত উত্তৰপ্ৰদেশৰ নিৰ্বাচনে সকলোৰে দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে৷ কিয়নো ৰাজ্যখনত ১০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে৷ ইয়াৰে এখন আসনকলৈ তুমুল প্ৰতিদ্বন্বিতা হোৱাৰ সম্ভাৱনা আছে৷  

উত্তৰ প্ৰদেশৰ ৰাজ্য সভাৰ নিৰ্বাচনত জয়ী হ’বলৈ একো একোজন প্ৰাৰ্থীক ৩৭টাকৈ ভোটৰ প্ৰয়োজন৷ প্ৰয়োজনীয় ভোট নাথাকিলেও বহুজন সমাজবাদী পাৰ্টি আৰু বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাই৷ বিধানসভাত বহুজন সমাজবাদী পাৰ্টিৰ সদস্য সংখ্য ১৯গৰাকী৷ মায়াবতীৰ দলে কংগ্ৰেছ আৰু সমাজবাদীৰ ভোটৰ আশাত প্ৰাৰ্থী থিয় কৰাই৷ 

বিজেপিক আসনত জয়ী হ’বৰ বাবে ৯টা ভোটৰ প্ৰয়োজন৷ দলৰ হুইপ অমান্য কৰি মায়াবতীৰ দল বহুজন সমাজবাদী পাৰ্টিৰ অনিল সিং নামৰ বিধায়কগৰাকীয়ে বিজেপিক ভোট দিয়া বুলি অভিযোগ উত্থাপন হয়৷ সমাজবাদী পাৰ্টিয়েও ক্ৰছ ভোটিং হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

বিৰোধী দল সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ আন বিধায়কেও দলৰ হুইপ অমান্য কৰি বিজেপিক ভোট দান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে তীব্ৰ উৎকন্ঠাৰ অন্তত ভোট গণনা বন্ধ কৰা হৈছিল যদিও বিজেপিক জয়ী ঘোষণা কৰা হয়।

কোনে কেইখন আসন লাভ কৰিলেঃ

উত্তৰ প্ৰদেশ
বিজেপি-৯
এছপি-১
বিএছপি-০

পশ্চিং বংগ
টিএমচি-৪
কংগ্ৰেছ-১
বিজেপি-০
লেফ্ট-০

কৰ্ণাটক
কংগ্ৰেছ-৩
বিজেপি-১

তেলংগানা
টিআৰএছ-৩
কংগ্ৰেছ-০

ঝৰখাণ্ড
বিজেপি-১
কংগ্ৰেছ-১

ছট্টিছগড়
বিজেপি-১
কংগ্ৰেছ-০

কেৰেলা
এলডিএফ-১
ইউডিএফ-০