ডিজিটেল ডেস্কঃ কৰ্ণাটকত সমাগত বিধানসভাৰ নিৰ্বাচন৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে নেতা-পালিনেতাৰ বাক-বিতণ্ডাৰ যুঁজ৷ ভোটাৰক আকৃষ্ট কৰিব পৰাকৈ ৰাজনৈতিক দলসমূহে চলাইছে ন ন কুচ-কাৱাজ৷ সাধাৰণ ৰাইজক মোহিত কৰিবলৈ নেতাসকলে দিছে সমস্যা পূৰণৰ ন ন আশ্বাস৷
Few more pictures from the roadshow in Shivamogga, Karnataka. pic.twitter.com/STNlbgut4u
— Amit Shah (@AmitShah) 26 March 2018
বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰচাৰৰ সময়ত শ্বাহে কটাক্ষ কৰিবলৈ নেৰিলে বিৰোধী ৰাজনৈতিক দলসমূহক৷সোমবাৰে অধ্যক্ষ শ্বাহে বিএছ য়েডিয়ুৰাপ্পাৰ জিলাৰ এক ৰেলীত অংশ লৈ আক্ৰমণৰ লক্ষ্য কৰি লয় সিদ্ধাৰামাইয়া নেতৃত্বাধীন চৰকাৰক৷ সিদ্ধাৰামাইয়া চৰকাৰে ৰাজ্যখনৰ সাধাৰণ জনতাৰ পক্ষে কোনো ফলপ্ৰসূ কাম কৰা নাই৷
25% of the total production of Areca nut in the world is produced in the state of Karnataka but the Siddaramaiah government has failed to protect the farmers’ interests. pic.twitter.com/stqClpGAbP
— Amit Shah (@AmitShah) 26 March 2018
বৰ্তমান কৰ্ণাটকত মোডী ধুমুহা বলিবলৈ আৰম্ভ কৰিছে৷ আগন্তুক নিৰ্বাচনত কোনোৱে বিজপিক প্ৰতিহত কৰিব নোৱাৰে বুলি মতপোষণ কৰে অমিত শ্বাহে৷ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ প্ৰতি ৰাইজৰ উৎসাহ দেখি সুখী হয় শ্বাহ৷ ৰাজ্যখনত বিজেপিৰ উৎসাহজনক স্থিতি প্ৰত্যক্ষ কৰি শ্বাহে পূৰ্বতে ব্যক্ত কৰা ‘মোডী ধুমুহা’ক ‘চুনামী’ আখ্যা দিয়ে৷
উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত আগন্তুক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিএছ য়েডিয়ুৰাপ্পাৰ নাম উল্লেখ কৰে বিজেপিৰ অধ্যক্ষগৰাকীয়ে৷ নেতৃত্বাধীন চৰকাৰক কটাক্ষ কৰি কয়, ৰাজ্যখনৰ বিকাশৰ দিশটো যোৱা পাঁচ বছৰত সিদ্ধাৰামাইয়া চৰকাৰৰ বাবেই স্থবিৰ হৈ পৰিল৷ আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীকো আক্ৰমণ কৰিবলৈ নেৰিলে অমিত শ্বাহে৷
With this sea of humanity on the streets of Shivamogga, the Congress central leadership and CM Siddaramaiah can itself feel the Tsunami of BJP in Karnataka. The countdown of the corrupt Siddaramaiah government has begun. pic.twitter.com/QfD6mCDyar
— Amit Shah (@AmitShah) 26 March 2018
ৰাহুল গান্ধীয়ে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যখনত কংগ্ৰেছে শাসনলৈ আহিব বুলি মন্তব্য কৰে৷ কিন্তু শ্বাহে ৰেলীত অংশ লৈ বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা দেখি ৰাহুলৰ ব্যক্তব্যক মিছা প্ৰমাণিত কৰে৷ ২০১৪চনৰ নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিবলৈ কৈ শ্বাহে কয়, বিজেপিয়ে কেন্দ্ৰক শাসন কৰি থকাৰ পাছত যদি ৰাজ্যতো বিজেপিৰে চৰকাৰ গঠিত হয় তেন্তে ৰাজ্যৰ সাধাৰণ জনতা উপকৃত হ’ব৷