ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ২০০৭ চনৰ হায়দৰাবাদৰ মক্কা মছজিদ বোমা বিস্ফোৰণৰ গোচৰৰ ৰায় প্ৰদান কৰি আৰএছএছ নেতা স্বামী অসীমানন্দক দোষ মুক্ত ঘোষণা কৰা ন্যায়াধীশ ৰবিন্দ্ৰ ৰেড্ডীয়ে পদত্যাগ কৰা বুলি খবৰ প্ৰচাৰ হৈছে৷ এনআইএৰ বিশেষ আদালতৰ ন্যায়াধীশ ৰবিন্দ্ৰ ৰেড্ডীয়ে মক্কা মছজিদ বোমা বিস্ফোৰণৰ গোচৰৰ ৰায় প্ৰদান কৰি তথ্যৰ অভাৱত ৫গৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল৷
এএনআইত প্ৰকাশ পোৱা খবৰ মতে, ৰবিন্দ্ৰ ৰেড্ডীয়ে ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে৷ সোমবাৰে পুৱাই হায়দৰাবাদৰ মক্কা মছজিদৰ বিস্ফোৰণৰ প্ৰথমটো ৰায় প্ৰদান কৰি স্বামী অসীমানন্দক অভিযোগ মুক্ত কৰি গোচৰৰ পৰা ৰেহাই দিয়ে৷Special NIA judge Ravindra Reddy who delivered the #MeccaMasjidVerdict resigns. pic.twitter.com/ybxV2lHoAD
— ANI (@ANI) April 16, 2018
Special NIA judge who delivered the #MeccaMasjidVerdict resigns: Sources pic.twitter.com/HEyeezROfm
— ANI (@ANI) April 16, 2018
১১ বছৰ পূৰ্বে হায়দৰাবাদৰ পুৰণি চাৰমিনাৰ নামৰ ঐতিহাসিক এলেকাত থকা মক্কা মছজিদত বোমাৰে বৰ্বৰ ভাবে আক্ৰমণ কৰিছিল৷ উক্ত দিনটো আছিল শুকুৰবাৰ৷ জুম্মাৰ নামাজৰ সময়তে ২০০৭ চনৰ ১৮ মে’ত সংঘটিত হৈছিল এই ঘটনা৷ এই বিস্ফোৰণত ৯গৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬০গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছিল৷ এই ঘটনাৰ তদন্ত আৰক্ষী তাৰ পিছত চিবিআই আৰু পিছত এনআইএক তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷
Judge who gave acquittal to all accused in Mecca Masjid Blast RESIGNS very intriguing and I am surprised with the Lordship decision
— Asaduddin Owaisi (@asadowaisi) April 16, 2018
মুঠ দহ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছিল এনআইএ৷ ২০০৭ চনৰ ১৮ মে’ত জুম্মাৰ নামাজৰ পিছতেই বিস্ফোৰণ সংঘটিত হৈছিল হায়দৰাবাদৰ মক্কা মছজিদত৷ এই বিস্ফোৰণত ৯গৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬০গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছিল৷ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল৷ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হৈছিল৷ যাৰ ফলত পুনৰ ৫গৰাকী লোকৰ মৃত্যু হৈছিল৷
এই ঘটনাৰ প্ৰায় ২০০গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰি গোচৰ ৰুজু কৰা হৈছিল৷ এই ঘটনাৰ মূল অভিযুক্ত আছিল স্বামী অসীমানন্দ৷ পিছত তদন্তৰ অন্তত আৰক্ষীয়ে ১০গৰাকী লোকক অভিযুক্ত কৰিছিল৷ এই কাণ্ডৰ সৈতে অভিনৱ ভাৰত নামৰ এটা সংস্থা জৰিত থকাৰ সন্দেহ কৰা হৈছিল৷ অভিনৱ ভাৰতৰ সদস্য, আৰএছএছ নেতা স্বামী অসীমানন্দ, দেৱেন্দ্ৰ গুপ্তা, লোকেশ শৰ্মা, লক্ষ্মণ দাস মহাৰাজ, মোহনলাল ৰতেশ্বৰ আৰু ৰাজেন্দ্ৰ চৌধুৰীক অভিযুক্ত ঘোষণা কৰিছিল৷ ২গৰাকী অভিযুক্ত ৰামচন্দ্ৰ কালচাংগাৰা আৰু সঞ্জীৱ দাংগে আজিও পলাতক৷ উক্ত সময়তে আৰএছএছৰ নেতা অভিযুক্ত সুনীল যোশীক গুলীয়াই হত্যা কৰা হৈছিল৷