গুৱাহাটীঃ শুকুৰবাৰে কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ এই পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰী সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠে৷
ৰাজ্যৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ পুত্ৰ আৰণ্যক, ৰাজ্যৰ প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ফণীধৰ কলিতাৰ কন্যা বিপাশাকে ধৰি কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে উজলি উঠে৷ ২০১৬ বৰ্ষত ১০৫৮নং স্থান লাভ কৰি উত্তীৰ্ণ হোৱা মনোজ বড়োৱে এইবেলি ৭৯৫নং স্থানলৈ আহি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হয়৷
জানিব পাৰ মতে, ২০১৭ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি অসমৰ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰে৷ ৪১নং স্থান লাভ কৰে বিপাশা কলিতাই, ৬৪ সংখ্যক স্থান লাভ কৰে স্বপ্ননীল পলে, ১২৬ সংখ্যক স্থান লাভ কৰে মৃগাক্ষী ডেকাই, ১৪৮ সংখ্যক স্থান লাভ কৰে আৰণ্যক শইকীয়াই, ১৪৯ সংখ্যক স্থান লাভ কৰে পূৰ্ণ বৰাই, ১৯৮ সংখ্যক স্থান লাভ কৰে নাহৰ প্ৰণয় প্ৰকাশে, ২৩০ সংখ্যক স্থান লাভ কৰে মণালিকা বৰগোহাঁয়ে, ৫৯৩ সংখ্যক স্থান লাভ কৰে মামণি দলে, ৬৪৫ সংখ্যক স্থান লাভ সুভজিৎ ভূঞাই, ৭৩৮ সংখ্যক স্থান লাভ কৰে পাৰ্থ প্ৰতীম দাসে, ৭৯৫ সংখ্যক স্থান লাভ কৰে মনোজ স্বৰ্গীয়াৰী, ৮৯৪ স্থান লাভ কৰে যশোধৰা দাসে, ৮৫৫ সংখ্যক স্থান লাভ কৰে দ্বীপ দাসে৷