newsnextone.com | ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত শাৰীত থিয় দিছিল তেওঁ৷ পেট্ৰলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদন কৰি চাইকেল চলাই ঘুৰি ফুৰিছিল তেওঁ৷ শিলৰ খাদত গৈ মজদুৰৰ দৰে মাটি-শিল মুৰত বোজাই কৰিছিল তেওঁ৷ কলেজ-বিশ্ববিদ্যালয়ত ভাষণ দি তেওঁ কৈছিল- তেওঁ যি যি কৰিব পাৰে, সেই সকলোবোৰেই তেওঁ কৰি গৈছে৷ 

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ কাৰ্যদক্ষতাত সন্দেহ কৰিবলগীয়া একো নাই৷ কিন্তু কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পৰা কংগ্ৰেছে যিমানবাৰ নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হৈছে, সিমানবাৰেই বিফলতাৰ মুখ দেখিবলগীয়া হৈছে এসময়ৰ মহাপ্ৰতাপী দলটোৱে৷ কোনো কোনো নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ জমানত বাজেয়াপ্ত হোৱাৰ বিপৰীতে কোনো নিৰ্বাচনত আকৌ সম্পূৰ্ণৰূপেই নিশ্চিহ্ন হৈ গৈছে ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলটো।  

মঙলবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফল প্ৰকাশিত হোৱাৰ সময়তো কোনো ব্যতিক্ৰম নহ’ল কংগ্ৰেছৰ পৰাজয় যাত্ৰাৰ৷ ৰাজ্যখনত যিবোৰ কেন্দ্ৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সেইবোৰ সমষ্টিত অত্যন্ত শোচনীয় ফলাফল প্ৰদৰ্শন কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে৷ ২০১৭ত উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়তো এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ 

দীৰ্ঘদিন ধৰি ৰাজ্যৰ ক্ষমতাত থকা কংগ্ৰেছে এছপি-বিএছপিৰ সৈতে জোঁট বান্ধিও ৰুধিব পৰা নাছিল বিজেপিক৷ যাৰ ফলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি উত্তৰপ্ৰদেশৰ ক্ষমতা দখল কৰিছিল বিজেপিৰ যোগী আদিত্যনাথে৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰাহুল গান্ধীয়ে৷ কিন্তু নিৰ্বাচনী ফলাফলত মুখৰক্ষাটো বাদেই লজ্জা নিবাৰণৰ বাবেও সক্ষম হোৱা নাছিল কংগ্ৰেছ৷ 

ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰাৰ্থী থিয় কৰাৰ বিষয়ে মমতা বেনাৰ্জীয়ে মেলে-মিটিঙে কৈ আহিছে যদিও এতিয়াও সেয়া সম্ভৱ হৈ উঠা নাই৷ কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বেও তেওঁ এই বিষয়ে উল্লেখ কৰিছিল যদিও বাস্তৱত সেয়া নহ’ল৷ আনহাতে কৰ্ণাটকৰ নিৰ্বাচনৰ ৰাজনৈতিক বাতাবৰণ লক্ষ্য কৰি বেনাৰ্জীয়ে কৈছিল যে জনতা দল চেকুলাৰ আৰু কংগ্ৰেছে যদি এক হৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হয়, তেন্তে ফলাফল বেলেগ ধৰণৰ হ’ব৷ 

মঙলবাৰে কৰ্ণাটকৰ ভোট গণনাৰ পিছত আখৰে আখৰে সঁচা প্ৰমাণিত হোৱা দেখা গ’ল মমতা বেনাৰ্জীৰ বাণী৷ জোঁট নোহোৱাৰ সুবিধা লৈ কৰ্ণাটকৰ নিৰ্বাচনী ফল অনুযায়ী বিজেপিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে৷ ফলাফল বিপৰীত হোৱা হ’লে হয়তো এই বিষয়ে উল্লেখ নহ’লহেতেন৷ কিন্তু ৰাজনৈতিক মহলত ৰাহুল গান্ধীৰ গ্ৰহণযোগ্যতাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে৷

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব বুলি ৰাহুল গান্ধীয়ে বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহুবাৰ কৈ ফুৰিছে৷ যাৰ ফলত বিৰোধী দলৰ কটাক্ষৰো সন্মুখীন হ’বলগীয়া হৈছে ৰাহুল গান্ধী৷ যিজন ব্যক্তি ৰাজ্যৰ ক্ষমতা ধৰি ৰাখিবলৈ সক্ষম নহয়, তেওঁ কেনেদৰে দেশৰ শাসনভাৰ ধৰি ৰাখিব বুলিও বিৰোধী দলৰ বিভিন্ন নেতা-মন্ত্ৰীয়ে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি অহা দেখিবলৈ পোৱা গৈছে৷