২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি গঠন কৰা দলটোৰ কেউজন প্ৰাৰ্থীয়েই হ’ব মহিলা৷ আনকি মোডীকো প্ৰত্যাহ্বান জনাই মহিলা প্ৰাৰ্থীয়েই যুঁজ দিব আগন্তুক নিৰ্বাচনত 

Newsnextone | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সহিতে মুঠ আঠজন ন্যায়াধীশৰ শাস্তি ঘোষণা কৰি দেশৰ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা চিএচ কাৰ্নানৰ কথা মনত আছেনে? কলকাতা উচ্চ ন্যায়ালয়ৰ সেই প্ৰাক্তন ন্যায়াধীশজনে বুধবাৰে মুকলি কৰিছে নিজা ৰাজনৈতিক দল৷ নাম দিছে এণ্টি-কৰাপছন ডাইনেমিক পাৰ্টি৷

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে দলটোত নাথাকিব কোনো পুৰুষ প্ৰাৰ্থী৷ ২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি গঠন কৰা দলটোৰ কেউজন প্ৰাৰ্থীয়েই হ’ব মহিলা৷ আনকি মোডীকো প্ৰত্যাহ্বান জনাই মহিলা প্ৰাৰ্থীয়েই যুঁজ দিব আগন্তুক নিৰ্বাচনত৷

এতিয়ালৈ কিমানখন আসনত যুঁজ দিব সেয়া নিৰ্ধাৰণ কৰা হোৱা নাই যদিও মহিলা প্ৰাৰ্থীয়েই অৱতীৰ্ণ হ’ব বুলি নিশ্চিত কৰি সাংবাদিকক কয় প্ৰাক্তন ন্যায়াধীশ কাৰ্নানে৷ উল্লেখ্য যে ২০১৭ চনৰ ৮ মে’ত নিজ আদালতত সেই সময়ৰ ন্যায়াধীশ জেএছ খেহৰৰ সৈতে অইন সাতজন ন্যায়াধীশক এচচি/এচটি আইনৰ অধীনত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল৷

তাৰে পিছদিনাই সৰ্বোচ্চ ন্যায়ালয়খনে তেঁওক ছমাহৰ কাৰাদণ্ডৰ ৰায় দিছিল৷ তেতিয়াৰ পৰা পলাতক অৱস্থাত থকা কাৰ্নানৰ ২১ জুনত অৱসৰ লোৱাৰ পিছতে কলকাতা আৰক্ষীয়ে তেঁওক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে৷ অৱশ্যে ২০ ডিচেম্বৰত তেঁও জেলৰ পৰা মুক্তি লাভ কৰে৷