newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য যিমানেই আগবাঢ়িছে সিমানে বৃদ্ধি হৈছে তৃণমূলৰ জয় জয়কাৰ৷ ৰাজ্যখনৰ প্ৰায় সকলোবোৰ জিলাতে শাসকীয় তৃণমূলে বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

ৰাজ্যখনত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতো সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজপি-কংগ্ৰেছক পিছ পেলাই আকৌ এবাৰ মমতা বেনাৰ্জীৰ তৃণমূলে পঞ্চায়ত আৰু জিলা আসন সমূহ দখল কৰিবলৈ আগবাঢ়িছে৷

প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনত পুৰুলিয়াত তৃণমূল ২৫০ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়া লাভ কৰিছে ৭৫ খন আৰু কংগ্ৰেছে ১৯ খন আসন৷ বামেৰাই লাভ কৰিবলৈ সক্ষম হৈছে ২৬ খন আসন৷ আনহাতে বাঁকুৰাত তৃণমুলে ১১৩ খন, বিজেপি ৮০, বামেৰা ১৭ আৰু ১৪ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷

পূৰ্ব মেদিনীপুৰ গাঁও পঞ্চায়তত তৃণমূলে ৪৪৬, বিজেপি-২৬, চিপিএম-৯ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ খন আসন লাভ কৰিছ৷ ঝাৰগাঁও জিলাৰ গাঁও পঞ্চায়ততো তৃণমুলে লাভ কৰিছে অধিক সংখ্যক আসন৷ জিলাখনত তৃণমুল প্ৰাৰ্থীয়ে ১৫৭ খন আসনত জয়লাভ কৰিছে৷   

কোচবিহাৰত আৰু ২৪পৰগাণাতো বিজয়ৰ দিশে গতি কৰিছে তৃণমূল৷ কোচবিহাৰৰ গাঁও পঞ্চায়তত ২০ খন আৰু ২৪পৰগাণাত ২৪ খন আসন লাভ কৰি তৃণমুল বিজয়ী দল হিচাপে নিশ্চিত হোৱাৰ পথত৷ মুৰ্চীদাবাদত ৩ খন আসন তৃণমূলে লাভ কৰাৰ বিপৰীতে দক্ষিণ ২৪পাৰগাণাত ২ খন আসন তৃণমুলে লাভ কৰিছে৷ আনহাতে বীৰভূমিত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ পিছত পুনৰ নিৰ্বাচন অনুষ্ঠত কৰাৰ দাবী তুলিছে তৃণমূলে৷

প্ৰাপ্ত বাতৰি অনুসৰি ৰাজ্যখনৰ ১৩৩১৭টা গাওঁ পঞ্চায়তত তৃণমূল আগবাঢ়ি আছে৷ তাৰ বিপৰীতে বিজেপি আগবাঢ়ি আছে মাথো ১১৯০ খন পঞ্চায়ত আসনত৷ চিপিএম-এ-৫১০, কংগ্ৰেছ-৩৭৫ আৰু আন আন দলসমূহ ৯৬ খন আসনত আগবাঢ়ি আছে৷ ইফালে ৬১০ খন পঞ্চায়ত সমিতিত আগবাঢ়ি আছে তৃণমূল৷ ১৭খনত বামেৰা, ৩১ খনত বিজেপি, ৪ খনত কংগ্ৰেছ, আৰু ১খনত অন্যান্য প্ৰাৰ্থী আগবাঢ়ি আছে৷ আনহাতে, ২২১ খন জিলা পৰিষদত তৃণমূল আগবাঢ়ি থকাৰ বিপৰীতে আন কোনো দলেই জিলা পৰিষদৰ আসন দখল কৰিব পৰা নাই৷ 

ইফালে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যখনৰ ঠায়ে ঠায়ে অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে৷ উত্তৰ দিনাজপুৰৰ চোপড়াই গাঁও পঞ্চায়তত দুস্কৃতিকাৰীৰ গুলিত ২জন লোক আঘাতপ্ৰাপ্ত হয়৷ আনহাতে কৃষ্ণগড় ব্লকৰ এটি গণনা কেন্দ্ৰত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি গণনাত বাধা প্ৰদান কৰাৰ বাতৰি পোৱা গৈছে৷

শান্তিপুৰৰ এটি গণনা কেন্দ্ৰত ভোট গণনা কাৰ্য চলি থকাৰ মাজতে বেলট পেপাৰ চুৰি কাৰ্য সংঘটিত হয়৷ অৱশ্যে চিচি টিভিৰ যোগেদি পিছত বেলট পেপাৰখন উদ্ধাৰ কৰা হয়৷ ভাৰাতত দুটা দলৰ মাজত হতাহতি সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ তদুপৰি মল্লাপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কিবলৈ বাধ্য হৈ পৰে৷

মুৰ্চিদাবাদৰ ভগবানগোলাত ভোটগণনা কাৰ্যত বাধা প্ৰদান কৰি পুৱাৰে পৰা দুস্কৃতিৰ তাণ্ডৱ চলে৷ অগ্নেয়াস্ত্ৰ তথা চোকা অস্ত্ৰ হাতত লৈ গণনা কেন্দ্ৰৰ সন্মুখত দুস্কৃতিকাৰ ঘুৰাঘুৰি কৰি থকা দেকিবলৈ পোৱা যায়৷ আনহাতে কৃষ্ণনগৰৰ হাঁচখালিৰ গণনা কেন্দ্ৰচ কংগ্ৰেছ, চিপিএম আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰৱেশত বাধা প্ৰদান কৰাত ক্ষুন্ন হৈ ৩০ প্ৰাৰ্থীয় জিলা অধিকাৰীৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহে৷