newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ জাগুৱাৰ এয়াৰক্ৰাফ্টৰ এখন মঙলবাৰে গুজৰাটৰ কুচ্ছ এলেকাত দুৰ্ঘটনাগ্ৰস্থ হয়৷ দুৰ্ঘটনাটোক যুদ্ধ বিমানখনৰ পাইলট সঞ্জয় চৌহানৰ মৃত্যু ঘটে৷
জানিব পৰা মতে, যুদ্ধ বিমানখনে জামনগৰ বায়ুসেনা ঘটিৰ পৰা উৰা মৰাৰ ক্ষন্তেক সময় পিছতে এখন গাঁৱৰ কাষত দুৰ্ঘটনাগ্ৰস্থ হয়৷ পথাৰত চৰি থকা পশুৰ সৈতে খুন্দা লগৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ আনহাতে দুৰ্ঘটনাটোত কেইবাটাও চৰণীয়া জন্তুৰ মৃত্যু ঘটে৷
ইফালে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল মণিষ ওঝাই কয় যে নিয়মীয়া পৰীক্ষণ সম্পন্ন কৰিবলৈ যোৱা এখন জাগুৱাৰ এয়াৰক্ৰাফ্টৰ যুদ্ধ বিমানখন মঙলবাৰে পুৱা ১০.৩০ বজাত দুৰ্ঘটনাত পতিত হয়৷
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বায়ুসেনাৰ মুখ্যালয়ে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত জাগুৱাৰ এয়াৰক্ৰাফ্টক তদন্ত চলাবলৈ নিৰ্দেশ প্ৰদান কৰে৷
জাগুৱাৰ এয়াৰক্ৰাফ্ট হৈছে দুটা ইঞ্জিনযুক্ত এখন সবল যুদ্ধ ব্যৱহৃত বিমান৷ এই বিমানে মাটিৰ সাধাৰণ উচ্চতাৰ পৰা শত্ৰুক আক্ৰমণ কৰিবলৈ সক্ষম৷ ঘন্টাত ১৩৫০ কিঃমিটাৰ বেগী এই যুদ্ধ বিমান খন ভাৰতীয় বায়ু সেনা বাহিনীত ১৯৭৯ চনৰ পৰাই ব্যৱহাৰ কৰি অহা হৈছে৷
উল্লেখ্য যে, কিছু মাহ পূৰ্বে অসমৰ মাজুলীত এক যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্থ হোৱাত জে জেমছ আৰু ডি ভাটচেৰ নামৰ উইং কামাণ্ডাৰ দুগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷