newsnextone.com | ডিজিটেল ডেস্কঃ মাতৃৰ মমতা অপৰিসীম৷ সন্তানৰ কান্দোনে মাতৃৰো বুকু দহে৷ মাতৃৰ মমতাক সেয়ে কাৰো সতে তুলনা কৰিব নোৱাৰি৷ মাতৃ লাগিলে যাৰেই নহওঁক, মাতৃ সদায় মাতৃয়েই৷
যি মাতৃয়ে জন্ম দিছিল, সেই মাতৃয়ে পৰিত্যক্ত অৱস্থাত পেলাই থৈ গৈছিল এটি সদ্যজাত শিশুক৷ তাৰ পিছত আন এগৰাকী মাতৃয়ে পৰম মমতাৰে নিজৰ বুকুৰ গাখীৰ খুৱাই প্ৰমাণ কৰি দিলে যে মাতৃ প্ৰকৃতকে কাক কয়৷
বাংগালুৰুৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে লাভ কৰিছিল নৱজাত কণমানি শিশুটিৰ চোৱা-চিতাৰ দায়িত্ব৷ কিন্তু মাতৃৰ বুকুৰ আঁচল এৰি অহা শিশুটিয়ে যেতিয়া ভোকত কান্দিবলৈ ধৰিলে, ৰৈ থাকিব নোৱাৰি ঘৰত তিনিমহীয়া সন্তানটো এৰি থৈ অহা মহিলা কনিষ্টবলগৰাকীয়ে৷ পৰম স্নেহেৰে মমতাৰ নিদৰ্শণ দাঙি ধৰি মহিলা কনিষ্টবল গৰাকীয়ে শিশুটিক স্তনপান কৰায়৷
জানিব পৰা মতে, বাংগালুৰুৰ চেলিব্ৰেটি লে-আউটৰ এটি নিৰ্মিয়মাণ অট্টালিকাৰ সমীপত এটি প্লাষ্টিকৰ পলিথিনৰ ভিতৰত শিশুটি প্ৰত্যক্ষ কৰে পথৰ দাঁতিত প্লাষ্টিক বিচাৰি ফুৰা মহিলাই৷ লগে লগে মহিলাগৰাকীয়ে এজন স্থানীয় দোকানীৰ সহযোগত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে উপস্থিত হৈ জীৱিত অৱস্থাতে সদ্যজাত শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
তাৰ পিছতেই শিশুটিৰ চোৱা-চিতাৰ দায়িত্ব প্ৰদান কৰা হয় মাতৃত্বৰ গৌৰৱ লাভ কৰি তিনি মাহৰ ছুটিৰ পিছত পুনৰ কৰ্তব্যত যোগদান কৰা অৰ্চনা নামৰ মহিলা কনিষ্টবলগৰাকীক৷
মহিলা কনিষ্টবল গৰাকীয়ে কেৱল শিশুটিক স্তনপান কৰায়েই দায়িত্ব সামৰিছে তেনে নহয়৷ নিজ সন্তানৰ দৰে শিশুটিক বুকুত সাৱটি লয় মহিলাগৰাকীয়ে৷ আনহাতে নৱজাত শিশুটিৰ নামাৰকণো কৰা হৈছে৷ কৰ্ণাটকৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ নামেৰে শিশুটিৰ নামাৰকৰণ কৰে মহিলা কনিষ্টবলগৰাকীয়ে৷