newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ আৰু জনতা দল চেকুলাৰে মিত্ৰজোঁটেৰে চৰকাৰ গঠন কৰা এমাহ পাৰ নৌহওতেই মন্ত্ৰীসভা গঠনক লৈ দুয়ো দলৰ মাজত মত-বিতৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে৷ দুয়োটা দলৰ প্ৰায় ১২গৰাকী নেতাই মন্ত্ৰীসভাত স্থান লাভ নকৰাক লৈ বিৰোধ প্ৰদৰ্শন কৰিছে৷
ইফালে উপ-মুখ্যমন্ত্ৰী জী পৰমেশ্বৰৰ আৱাসত বৃহস্পতিবাৰে নিশা মন্ত্ৰীসভাত স্থান প্ৰদানক লৈ দুয়ো দলৰ মাজত আলোচনা চলে যদিও তাৰ দ্বাৰা কোনো সমাধান লাভ কৰিবলৈ সক্ষম নহ’ল জেডিএছ আৰু কংগ্ৰেছে৷ যাৰ ফলত মন্ত্ৰীসভাত স্থান লাভ নকৰাৰ আশংকাত দলৰ প্ৰতি অসন্তুষ্ট বিধায়কৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷
জ্যেষ্ঠ বিধায়ক এমবি পাটিল, ৰোশন বেগ, সমনুৰ শিৱশংকৰপ্পা আৰু সতীশ ঝৰকিহোলী, এম কৃষ্ণপ্পা, দিনেশ গুণ্ডুৰাও, ইশ্বৰ খাণ্ড্ৰে আদি বিধায়কসকলে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসভা মনোনীতকৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷
আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পাটিল, গুণ্ডুৰাও, বেগ, ৰেড্ডী, ঝৰকিহোলী আৰু শিৱশংকৰপ্পাক মন্ত্ৰীসভাত স্থান নিদিয়াটো আশ্চাৰ্য্যকৰ হিচাপে ধৰা হৈছে৷ লগতে দলে বিধায়ক কেইগৰাকীক অপমানিত কৰা বুলি অভিযোগ উত্থাপন কৰিও বিভিন্নজনে তীক্ষ্ন মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, লিংগায় সকলক পৃথক ধৰ্মালম্বী হিচাপে পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত বিধায়ক এমবি পাটিল আৰু ইশ্বৰ খাণ্ড্ৰেয়ে গুৰুত্বভূৰ্ণ ভূমিকা পালন কৰিছিল৷ ইফালে, ৮৯ বৰ্ষীয় শিৱশংকৰাপ্পাই বীৰশেৱ লিংগায়তক পৃথক ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল৷ শিৱশংকৰাপ্পা সিদ্ধাৰামাইয়া চৰকাৰৰ মন্ত্ৰীসভাত পানী সংশোধন মন্ত্ৰী আছিল৷ তেওঁ কয় যে, যদি বৰ্তমান চৰকাৰে খনে তেওঁক মন্ত্ৰীত্ব প্ৰদান কৰেও, তেন্তে তেওঁ সেয়া অস্বীকাৰ কৰিব৷ কিয়নো তেওঁৰ এতিয়া মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰাৰ সক্ষমতা নাই৷
আনফালে, কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা দিনেশ গুণ্ডুৰাওক কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে মনোনীত নকৰাক লৈ ক্ৰোধাম্বিত হৈ পৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, গুণ্ডুৰাৱে বাংগালুৰুৰ গান্ধীনগৰ সমষ্টিৰ পৰা একেৰাহে ৫ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে৷ আনহাতে দলৰ আন আন নেতা সকলে অভিযোগ উত্থাপন কৰি কৈছে যে, জী পৰমেশ্বৰে দলৰ আন আন নেতাসকলক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে৷ পৰমেশ্বৰে সিদ্ধাৰামায়াৰ ঘনিষ্ঠ নেতা সকলক দলৰ পৰা খেদি পঠোৱাৰ অভিসন্ধি ৰচিছে বুলি অভিযোগ তুলিছে কেইবাগৰাকীও নেতাই৷
কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, ‘পৰমেশ্বৰ জননেতা নহয়৷ তেওঁ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে একো কৰা নাছিল৷ আনকি তেওঁ নিজৰ সমষ্টিত কথমপিহে জয়লাভ কৰিছে৷ তেনে এগৰাকী নেতাক উপ-মুখ্যমন্ত্ৰী মনোনীত কৰি কংগ্ৰেছে আন আন জ্যেষ্ঠ নেতা সকলক এৰি চলিব বিচাৰিছে৷’