newsnextone.com | ডিজিটেল ডেস্কঃ কুঁৱাত গা ধোৱাৰ অপৰাধত তিনিজন দলিত কিশোৰক উলংগ কৰি শাস্তি প্ৰদান কৰা ঘটনাই আজিও সমাজত দলিত শ্ৰেণীৰ প্ৰতি উচ্চ শ্ৰেণীৰ মানসিকতা কেনেকুৱা, সেই কথাই প্ৰমাণ কৰিলে৷
মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ভাকাডি গাঁৱত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এটি কুঁৱাত ৩ জন ১৪/১৫ বছৰীয়া কিশোৰে গা ধুই থকাৰ অপৰাধতেই গাঁওখনৰ উচ্চ শ্ৰেণীৰ লোকসকলে উলংগ কৰি চাবুক আৰু বেল্টেৰে কোবোৱা ঘটনা পোহৰলৈ আহিছে৷ দলিত শ্ৰেণীৰ হোৱা বাবেই কিশোৰ কেইজনক এনেদৰে নিৰ্যাতন কৰা হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷
আনহাতে কেইজনমান লোকে কিশোৰ কেইজনৰ ওপৰত নিৰ্যাতন চলাই থকা মুহূৰ্তৰ এটি ভিডিঅ’ ভাইৰেল হৈ পৰাত সমগ্ৰ দেশ জুৰি প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে৷ সমগ্ৰ দেশ জুৰি থকা দলিত শ্ৰেণীয়ে ঘটনাক লৈ বিক্ষোভ প্ৰদশৰ্ণৰ পিছতে প্ৰশাসনো তৎপৰ হৈ পৰে৷
১০ জুনত সংঘটিত এই ঘটনাৰ অভিযোগত আৰক্ষীয়ে ভাকাডি গাঁৱৰ দুজন লোকক আটক কৰে৷ আনহাতে ঘটনাৰ সৈতে জড়িত আন আন অভিযুক্ত সকলোকো শীঘ্ৰে আটক কৰা হ’ব বুলি জানিবলৈ দিয়ে মহাৰাষ্ট্ৰৰ সামাজিক বিচাৰ বিভাগীয় মন্ত্ৰী দিলীৰ কাম্বলে৷ ইফালে কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগৰ প্ৰতিমন্ত্ৰী ৰামদাস আটাওৱালেও ঘটনাক তীব্ৰ নিন্দা জনাই দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷
আৰক্ষীয়ে জনোৱা মতে, প্ৰচণ্ড গৰমৰ পৰা ৰেহাই পোৱাৰ বাবেই ১০ জুনত গাঁৱৰ এটি কুঁৱাত গা ধুবলৈ নামিছিল কিশোৰ কেইজনে৷ কিন্তু কিছু সময়ৰ পিছতে গাঁওবাসীয়ে কুৱাৰ পাৰত উপস্থিত হৈ পানীৰ পৰা কিশোৰকেইজনক বাহিৰলৈ লৈ আহে৷ প্ৰথমে কিশোৰ কেইজনক গালি দিয়া হয় যদিও একাংশ গাঁওবাসীয়ে কিশোৰ কেইজনক মাৰধৰ কৰিবলৈ আৰম্ভ কৰে৷ পিছলৈ দলিত কিশোৰ কেইজনক উলংগ কৰা হয় আৰু চাবুক, লাঠি, চামৰাৰ বেল্ট আদিৰ কোবোৱাও হয়৷
জানিব পৰা মতে, ঘটনাৰ পিছত ন্যায় বিচাৰি কিশোৰ কেইজনৰ পৰিয়ালে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে যদিও তাৰ পিছতে অভিযোগ উঠাই ল’বৰ বাবে পৰিয়াল কেইটাৰ ওপৰত হেচা প্ৰয়োগ কৰা হয়৷
ইফালে ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে কিশোৰ নিগ্ৰহৰ বিৰুদ্ধে কংগ্ৰেছ আৰু বিজেপিৰ একাধিক দলিত নেতাই প্ৰতিবাদ জনায়৷ প্ৰাক্তন মন্ত্ৰী একনাথ খাড়ছে, গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানী আদি নেতা সকলে ঘটনাক গৰিহণা দি দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনায়৷
আনহাতে মহাৰাষ্ট্ৰৰ মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷