গুৱাহাটীঃ মণিমা বেগম। ৪০ বছৰ ধৰি বাস কৰি আহিছে মহানগৰীত। ইঘৰ-সিঘৰত কাম-বন কৰি ভাৰাঘৰত থাকি কোনোমতে দুবেলা-দুমুঠি খাই আহিছিল। এদিন নিজাকৈ এখন ঘৰ হ'ব। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ সুযোগ পালেই জমা কৰি গৈছিল এটকা-দুটকাকৈ।
♦ ছাই হ'ল বহুতৰে সাঁচতীয়া টকাৰ বাণ্ডিল
♦ ক্ষতিগ্ৰস্তক সহায়ৰ আশ্বাস প্ৰশাসনৰ
♦ খবৰ ল'বলৈ আহৰি নাপালে ভাৰাঘৰৰ মালিকে
এনেকৈ ৪০ বছৰত মণিমাৰ সাঁচতীয়া ধনৰ পৰিমাণ হৈছিলগৈ প্ৰায় ৩ লাখ। অৱশেষত সকলো শেষ। কেৱল মণিমাই নহয়, সকলো হেৰুৱাই এতিয়া সৰ্বশ্ৰান্ত ৪৫টাকৈ পৰিয়াল।
এই পৰিয়ালকেইাই দীৰ্ঘদিন ধৰি আমবাৰীৰ বৰুৱা ছাৰ্ভিচ পেট্ৰল পাম্পৰ পিছফালে অস্থায়ীকৈ নিৰ্মাণ কৰা ভাৰাঘৰত বাস কৰি আছিল। হঠাৎ আজি নিশা প্ৰায় ৮ বজাত বিস্ফোৰিত হয় এটাৰ পিছত এটাকৈ মুঠ ১৬টাকৈ চিলিণ্ডাৰ। লগে লগে জুইৰ লেলিহান শিখাই আগুৰি ধৰে পৰিয়ালকেইটাই বাস কৰি অহা সমগ্ৰ অঞ্চলটো।
ফলত নিমিষতে ছাই হৈ পৰে ৪৫টাকৈ পৰিয়াল বাস কৰি অহা ভাৰাঘৰৰ প্ৰতিটো কোঠালিৰ লগতে তেওঁলোকৰ সকলো সা-সম্পত্তি। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
ভয়াৱহ এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ ১৪খনকৈ গাড়ীক প্ৰয়োজন হয় ডেৰ ঘণ্টাৰো অধিক সময়ৰ। এই অগ্নিকাণ্ডত অতি কমেও ৩০ লক্ষাধিক মূল্যৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে।
অগ্নিকাণ্ডটোত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দুজনকৈ লোক আহত হয়। কোনো লোক নিহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও এই বাতৰি যুগুতোৱা পৰলৈকে উদ্ধাৰ অভিযান অব্যাহত আছে। পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত আৰক্ষীৰ লগতে উপস্থিত হয় কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথু। জিলা উপায়ুক্তগৰাকীয়ে সমগ্ৰ ঘটনাৰ এক তদন্তৰো নিৰ্দেশ প্ৰদান কৰে।
ইফালে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতো উক্ত স্থানত উপস্থিত হোৱা নাই ভাৰাঘৰৰ মালিকজন। এই লৈ ভূক্তভোগীসকলৰ লগতে ওচৰ-চুবুৰীয়া আৰু প্ৰত্যক্ষদৰ্শীসকল ক্ষোভিত হৈ পৰিছে। ঘটনাটো কোনো দুষ্ট চক্ৰৰ ষড়ষন্ত্ৰ হ'ব পাৰে বুলিও মত প্ৰকাশ কৰিছে ওচৰ-চুবুৰীয়াসকলে।
উপায়ুক্ত অংগমুথুৱেও ঘটনাস্থলীত উপস্থিত হৈ একে সন্দেহকে প্ৰকাশ কৰিছে। উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ আগত এই ঘটনাৰ আৰত ভূমি কেন্দ্ৰিক বিবাদ জড়িত হৈ থকাৰো সন্দেহ প্ৰকাশ কৰে। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলক চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা আৰ্থিক সাহায্য তথা পুনৰ সংস্থাপনৰো আশ্বাস প্ৰদান কৰিছে উপায়ুক্তগৰাকীয়ে।
আনহাতে, অগ্নিকাণ্ডৰ ফলত আশ্ৰয়হীন হৈ পৰা ৪৫টাকৈ পৰিয়ালৰ প্ৰায় ২ শতাধিক লোকক ততাতৈয়াকৈ আশ্ৰয় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। নিশাটোৰ বাবে আক্ৰান্ত প্ৰতিজনকে কামৰূপ একাডেমী আৰু টেক্সটাইল ইনষ্টিটিউটত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।
ইতিমধ্যে কেবাটাও সৰ্বশ্ৰান্ত পৰিয়ালে প্ৰশাসনে ব্যৱস্থা কৰি দিয়া আশ্ৰয় শিবিৰলৈ ৰাওনা হৈছে। কোনো কোনো পৰিয়ালে আশ্ৰয় লৈছে নিজৰ আত্মীয়ৰ গৃহত।
অৱশ্যে ইয়াৰ মাজতে কান্দোনত ভাগি পৰা ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেবাজনো দৰদী লোক। এটা ব্যক্তিগত টিভি চেনেলৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ জৰিয়তেও কেবাজনো লোকে সৰ্বশ্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়োৱা বুলি জানিব পৰা গৈছে।
"কোনোমতে মাইনাক বিছনাৰ পৰা টানি আনি দৌৰি দৌৰি প্ৰাণটো লৈ পলাইছো। আমাৰ সকলো শেষ। টকা-পইছা, কাপোৰ, নথি-পত্ৰ সকলো শেষ। তামোল বিক্ৰী কৰি কৰি কেইটামান টকা ৰাখিছিলো। সকলো জ্বলি গ'ল। এতিয়া কি কৰিম। মাইনাক আকৌ কেনেকৈ কাপোৰ কিনি দিম। তাইৰ কিতাপবোৰ জ্বলি ছাই হৈ গ'ল। কি হ'ব আমাৰ। আল্লাই আমাৰ কপালত এয়াহে লিখিছিল নেকি?"-এইদৰে কয় কান্দোনত ভাগি পৰা জনৈক বেগম উপাধিৰ এগৰাকী মহিলাই।
এনেদৰে এতিয়া কান্দোনত ভাগি পৰিছে বিধ্বংসী অগ্নিকাণ্ডত সকলো হেৰুৱাই পেলোৱা প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যাই। এতিয়া পুনৰ কেনেকৈ নতুন এখন ঘৰ সাজি নতুনকৈ জীৱন আৰম্ভ কৰিব সেই চিন্তাত ভাৰাক্ৰান্ত হৈ পৰিছে প্ৰতিজন ভুক্তভোগীৰে মন-মগজু। ইয়াৰ মাজতে দুই-এগৰাকী সদাশয় লোকৰ সহায়ত ক্ষন্তেকৰ বাবে হ'লেও নতুন দিনক লৈ পুনৰ আশা জাগি উঠিছে তেওঁলোকৰ মনত।
"আমাৰ সকলো শেষ। সব ছাৰখাৰ হৈ গ'ল। নতুনকা ভাৰা ঘৰ ল'বলৈ ক'ত পইছা পাম। কেনেকৈ কিনিম কাপোৰ কানি। জমা কৰি থোৱা টকাবোৰ জ্বলি গ'ল। সৰু দোকান এখন চলাই কোনোমতে অলপ পইছা জমা কৰিছিলো। সকলো শেষ। এতিয়া চৰকাৰকে বাট চাইছো। চৰকাৰে সহায় নকৰিলে আমি নিগমে মৰিব লাগিব।"-কান্দি কান্দি এইদৰে কয় এগৰাকী ভূক্তভোগী মহিলাই। মহিলাগৰাকীৰ দৰেকৈ হয়তো প্ৰতিজনেই এতিয়া বাট চাই ৰ'ব চৰকাৰ-প্ৰশাসনৰ সহায়লৈ।
শেহতীয়া খবৰ অনুযায়ী ৪৫ টাকৈ পৰিয়ালে বাস কৰা উক্ত ঠাইখিনিতে হেনো তৰ্জা বেৰৰ ঘৰতে এটা গেছ এজেঞ্চিয়ে চিলিণ্ডাৰৰ অবৈধ গুদাম চলাই আহিছিল। বে-আইনীভাৱে ভাৰাঘৰটোত পতা এই অবৈধ চিলিণ্ডাৰৰ গুদামৰ বাবেই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ লোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে। ঘটনাস্থলীত দুটি শিশুসহ ৩জনকৈ লোক সন্ধানহীন হৈ থকাৰো বাতৰি আহিছে।