newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে ধৰ্ষণ নিৰ্যাতন আদিৰ দৰে ঘটনা৷ চৰকাৰে ধৰ্ষণ কাণ্ড ৰোধৰ বাবে নতুন নতুন আইন প্ৰৱৰ্তন কৰিলেও কোনোপধ্যেই হ্ৰাস পোৱা নাই ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে অমানুষিক ঘটনা৷ শিশুৰ পৰা বৃদ্ধালৈ কোনো বাদ পৰা নাই এচাম পাষণ্ডৰ কামনাৰ দৃষ্টিৰ পৰা৷
তিনিদিন ধৰি এগৰাকী কিশোৰীৰ চিৎকাৰ, আৰ্তনাদে কঁপাই আছিল এটি গৃহ৷ কিশোৰীগৰাকীৰ আৰ্তনাদৰ বিপৰীতে ৬ জন বৰ্বৰে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে৷
উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ নগৰত এগৰাকী কিশোৰীৰ তিনিদিন ধৰি আবদ্ধ কৰি গণ ধৰ্ষণ কৰে৷ ঘটনাৰ অভিযুক্ত ৬ জনৰ ভিতৰত ৫ জন অভিযুক্ত কিশোৰ বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে অভিযুক্ত কেইজনক চিনাক্ত কৰি তালাচী অভিযান অব্যাহত ৰাখিছে৷ অৱশ্যে অভিযুক্ত সকলৰ এজনৰ পৰিচয় এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে৷
জানিব পৰা মতে, মাতৃৰ মৃত্যুৰ পিছত ১২ বছৰীয়া কিশোৰীগৰাকীয়ে আইতাকৰ সৈতে থাকিবলৈ লয়৷ যোৱা ২৬ জুনত কিশোৰীগৰাকীয়ে মুজাফ্ফৰনগৰৰ কুকুৰা গ্ৰামলৈ যোৱা পথতে নিখোজ হয়৷
ইফালে নাতিনীৰ বিচাৰ খোচাৰ কৰি সন্ধান লাভ নকৰাত আইতাকে আৰক্ষীৰ দাৰস্থ হয়৷ আৰক্ষীয়ে অনুসন্ধান চলাই প্ৰত্যক্ষ দৰ্শীৰ পৰা জানিব পাৰে এখন গাড়ীত অহা কেইজনমান কিশোৰ, যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যায়৷
আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই শেষত সংকটজনক অৱস্থাত এটা পৰিত্যক্ত ঘৰৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা গণ ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ বিষয়ে আৰক্ষী নিশ্চত হয়৷
কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৫ জন ১২-১৪ বছৰীয়া কিশোৰক চিনাক্ত কৰিবলৈ সক্ষম হয় যদিও আটাইকেইজন অপৰাধী এই পৰ্যন্ত পলাতক অৱস্থাত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷