নাওকাটাঃ বাগসা জিলাত আজি পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় বিদেশী ৰাষ্ট্ৰ থাইলেণ্ডৰ ১১ গৰাকীকে ধৰি মুঠ ১২ গৰাকীকৈ পৰ্যটক।
মূলত অসম ভ্ৰমণৰ উদ্দেশ্যৰে তিনিদিনীয়া কাৰ্যসূচীৰে বাগসা জিলাত প্ৰৱেশ কৰা পৰ্যটকৰ দলটোৱে আজি দিনৰ ভাগত বাগসাৰ ভূটান সীমান্তৱৰ্তী পৰ্যটনস্থলী বগামাটি দৰ্শন কৰাৰ পিছতে উপস্থিত হয় সুৱাগপুৰত।
সুৱাগপুৰত উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল-সংগঠনে তেওঁলোকক আদৰণি জনোৱাৰ লগতে সুৱাগপুৰ সামুহিক ভৱনত অনুষ্ঠিত কৰা হয় এটি বিশেষ অনুষ্ঠান।
উক্ত অনুষ্ঠানত পৰিবেশন কৰা বৈশাগু, বাগৰুম্বা,গোৰ্খা জনগোষ্ঠীৰ নৃত্যই পৰ্যটকসকলক আপ্লুত কৰাৰ লগতে শিল্পীসকলৰ লগত তেওঁ লোককো নৃত্য কৰা দেখা গ'ল।
পৰ্যটকৰ দলটোক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ইএম গণেশ কছাৰী আৰু এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীয়ে।