নতুন দিল্লীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে এইবাৰ পোনপটীয়াকৈ আক্ৰমণ কৰিলে তেওঁৰে উত্তৰসূৰী নৰেন্দ্ৰ মোদীক৷

২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ড০ সিঙ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁক মোদীয়ে ‘মৌনমোহন সিং' বুলি কটাক্ষ কৰিছিল৷ কিন্তু এতিয়া নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে চাৰে-চাৰি বছৰ কাৰ্যকাল চলোৱাৰ পাছত ড০ সিঙে আজি স্পষ্ট কৰি কয় যে তেওঁক ‘মৌন’ প্ৰধানমন্ত্ৰী বুলি বিভূষিত কৰাটো সঠিক হোৱা নাছিল৷ 

‘চেঞ্জিং ইণ্ডিয়া’ নামৰ এখন গ্ৰন্থ উন্মোচনৰ এক সভাত তেওঁ কয় যে 'মই মৌন প্ৰধানমন্ত্ৰী বুলি বহুতে কৈছিল। কিন্তু মই সংবাদ মেলত কথা ক’বলৈ ভয় কৰা নাছিলোঁ৷ মই নিয়মিতভাৱে সংবাদ মাধ্যমৰ মুখামুখি হৈছিলোঁ৷ প্ৰতিটো বিদেশ যাত্ৰাৰ সময়ত বিমানতে বা স্বদেশলৈ ঘূৰি অহাৰ পাছত মই সাংবাদিকৰ সৈতে কথা পাতিছিলোঁ৷'

মন কৰিবলগীয়া যে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা চাৰে-চাৰি বছৰত এখনো সংবাদ মেল আয়োজন কৰা নাই বা সাংবাদিকৰ মুকলি প্ৰশ্নৰ মুখামুখি হোৱা নাই৷ ইয়াকে লৈ বিৰোধীয়ে প্ৰধানমন্ত্ৰীক সময়ে সময়ে তীব্ৰ সমালোচনা কৰি আহিছে৷