গুৱাহাটীঃ গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে৷ এই সংখ্যা আৰু অধিক হোৱাৰ আংশকা কৰা হৈছে৷ 

শনিবাৰে পুৱালৈকে গোলাঘাটত ৪৮ জন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৪ জন লোকে মৃত্যুক সাৱটি লৈছে৷ 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত অসুস্থ লোকসকলক দেখা কৰে৷ তেওঁ কয় যে কালি নিশা ১০ বজাত যেতিয়া তেওঁ হাস্পতাললৈ গৈছিল, চিকিৎসালয়খনত বিষক্ৰিয়াত আক্ৰান্ত হোৱা ১৩৩ জন লোক চিকিৎসাধীন হৈ আছিল৷ ইয়াৰে ১০৭ জন পুৰুষ আৰু বাকীসকল মহিলা৷

ডিব্ৰুগড় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলক এই ৰোগীসকলক চিকিৎসাত সহায় কৰিবৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷ 

স্বাস্থ্য বিভাগৰ এজন বিষয়াই সন্দেহ কৰে যে ভুক্তভোগীসকলে সেৱন কৰা সুৰাখিনিৰ সৈতে মিথাইল জাতীয় বিষাক্ত পদাৰ্থ মিহলি হোৱাৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’বলৈ পালে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাৰ সন্দৰ্ভত উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক এক তদন্তৰ কৰিবলৈ নিৰ্দেশ দিছে৷

ইফালে, ‘চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি’ৰ লেখিয়াকৈ আবকাৰী বিভাগে চাহ বাগিচাৰ ভিতৰত দেশীয় সুৰাৰ উৎপাদন আৰু বিক্ৰী বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷

মুখ্যমন্ত্ৰী সোণোৱালে শনিবাৰে পুৱা উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷ 

আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুল্কবৈদ্যয়ো তদন্তৰ বাবে চাৰি বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছিল৷ এই তদন্তৰ প্ৰতিবেদন তিনিদিনৰ ভিতৰত মুখ্যমন্ত্ৰীক জমা দিব লাগিব৷

আটছাৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে এই ঘটনাৰ বাবে ৰাজ্যৰ আবকাৰী বিভাগক জগৰীয়া কৰিছে৷ 

প্ৰাথমিক তদন্তৰ অনুসৰি সুৰাখিনি একেই স্থানৰপৰা বিভিন্ন বাগিচালৈ বিক্ৰীৰ বাবে নিয়া হৈছিল৷ কৰ্তব্যত গাফিলতি কৰাৰ বাবে আবকাৰী বিভাগৰ দুজন বিষয়াক চৰকাৰে নিলম্বিত কৰিছে৷