মৰিগাঁওঃ সৰ্বশিক্ষাৰ অধীনত অসমৰ বিভিন্ন জিলাত ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতনৰ সুৰক্ষাসহ নিয়মীয়াকৰণ কৰা, নিয়মীয়া শিক্ষকে লাভ কৰি অহা বৰ্দ্ধিত হাৰৰ গ্ৰেড-পে’, সপ্তম দৰমহা আয়োগৰ এবছৰ বকেয়া, শিক্ষয়িত্ৰীসকলৰ বাবে শিশু যত্নৰ ছুটী (চি চি এল), বেংক ঋণৰ সুবিধা, এন পি এছ, প্ৰধান শিক্ষকৰ ভাট্টা আদি লাভৰ দাবীত মৰিগাঁও জিলা টে’ট উত্তীৰ্ণ শিক্ষকসকলে বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ হৈ ঋতুপৰ্ণ মহন্ত, ৰেজাউল কৰিম ৰিয়াজ উদ্দিন, কুলদ্বীপ ঠাকুৰীয়া, ৰিহান আলী, সংগীতা বৰদলৈ, দুলুমনি দেৱী, দিপালী শইকীয়া, পল্লৱী বৰাকে ধৰি জিলাখনৰ ভূৰবন্ধা, লাহৰীঘাট, কপিলী, মায়ং শিক্ষাখণ্ডৰ তিনি শতাধিক টে’ট উত্তীৰ্ণ শিক্ষকে অংশগ্ৰহণ কৰে৷
প্ৰতিবাদী শিক্ষকসকলে মৰিগাঁও বিহুতলীৰপৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পাছতে জিলা উপায়ুক্ত জৰিয়তে টে’ট উত্তীৰ্ণ শিক্ষকসকলে ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
ইফালে ২০১২ চনত উত্তীৰ্ণ টে’ট শিক্ষকসকলক বৰ্তমানলৈকে ৰাজ্য চৰকাৰে নিয়মীয়াকৰণ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে টে’ট উত্তীৰ্ণ শিক্ষকসকলে।