নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱাৰ সমীপৰ আহোমগাঁও আৰক্ষী চকীৰ এলেকাধীন কটহগুৰিত ভূমি বেদখলকাৰীৰ প্ৰৰোচনাত পৰি এগৰাকী যুৱ শ্ৰমিকৰ অকাল মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, টুকটুকী অঞ্চলৰ নেকবৰ আলী, মনিৰ উদ্দিন, আলী আকবৰ আৰু শিলপুখুৰীৰ আব্দুল ৰহিম নামৰ চাৰিজন লোকে দীৰ্ঘদিন ধৰি কটহগুৰি সমবায় সমিতিৰ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি উক্ত ঠাইত গৃহ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাই আহিছিল। যোৱা নিশা আন্ধাৰৰ সুযোগ লৈ বেদখলকাৰী লোককেইজনে চমকা গাঁৱৰ জিয়াৰুল হক নামৰ এজন শ্ৰমিকক জোৰ জবৰদস্তি কৰি উক্ত সমবায়ৰ সন্মুখত থকা বেদখলকৃত ভূমিত এটি দোকান ঘৰ নিৰ্মাণৰ কামত নিয়োজিত কৰে।
তাতেই শ্ৰমিকজনে আন্ধাৰে-মুন্ধাৰে কাম কৰি থকা অৱস্থাত অসাৱধানবশতঃ উপৰেদি পাৰ হৈ যোৱা হাই ভল্টেজ বৈদ্যুতিক তাঁৰত কেচা বাঁহ সংলগ্ন হৈ বিদ্যুৎপৃষ্ঠ হৈ ঢলি পৰে শ্ৰমিকজন৷ লগে লগে স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি ধিং এফ আৰ ইউ লৈ নিয়ে যদিও চিকিৎসকে শ্ৰমিকজনক মৃত বুলি ঘোষণা কৰে। পিছত ঘটনা সংক্ৰান্তত শ্ৰমিকজনৰ পৰিয়ালৰ লোকে নেকবৰ আলী, মনিৰ উদ্দিন, আলী আকবৰ আৰু আব্দুল ৰহিম নামৰ লোক চাৰিজনৰ বিৰুদ্ধে নিশাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷
আৰক্ষীয়ে শ্ৰমিক তথা ২৪ বছৰীয়া যুৱক জীয়াৰুল হকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, কটহগুৰি সমবায় সমিতিৰ চৰকাৰী ভূমিত একাংশ লোকে বে-দখল কৰি দোকান ঘৰ নিৰ্মাণ কৰাৰ বাবে সমবায়ৰ সন্মুখৰ অহা যোৱা পথটো সংকুচিত হৈ পৰিছে।
উক্ত বেদখল সংক্ৰান্তত সমবায় সমিতিয়ে জিলা উপায়ুক্ত আৰু ধিং ৰাজহ চক্ৰ বিষয়াক কেইবাবাৰো অভিযোগ দাখিল কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। ইপিনে, ভূমি বেদখলকাৰী লোক চাৰিজনে জোৰ জবৰদস্তিৰে নিশা কামত নিয়োজিত কৰি এনেদৰে এজন যুৱকক মৃত্যু মুখলৈ ঠেলি দিয়া ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে উচিৎ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে।