গুৱাহাটীঃ অসম সাহিত্য সভাৰ ভিতৰ চ’ৰাত চলিছে এতিয়া ব্যাপক অনিয়ম। নীতি বৰ্হিভূতভাৱে জাতীয় অনুষ্ঠানটোক এতিয়া পৰিচালিত কৰিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে। এই গুৰুত্ব অভিযোগ কামৰূপ জিলা বাইহাটা চাৰিআলি শাখা সাহিত্য সভাৰ মদাৰতলা সাদৰী শতদল সাহিত্য সভাৰ।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মদাৰতলা সাদৰী শতদল সাহিত্য সভাৰ সহকাৰী সম্পাদক হেমন্ত কুমাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে অসম সাহিত্য সভা যোৱা বৰডোমছা অধিৱেশনত ২০২০ চনৰ অসম সাহিত্য সভাৰ ৭১ সংখ্যক দ্বি-বার্ষিক অধিৱেশন আয়োজন কৰাৰ বাবে বাইহাতা চাৰিআলি শাখা সাহিত্য সভা আৰু মদাৰতলা শাখাই কামৰূপ জিলা কমলপুৰত অনুষ্ঠিত কৰাৰ বাবে অসম সাহিত্য সভাৰ নিয়ম অনুযায়ী তামোল-পাণ শৰাই দি বিধিগতভাৱে নিমন্ত্ৰণ জনাইছিল।

সেই নিমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনায় বৰডোমছা অধিৱেশনতে ঘোষণা কৰা হৈছিল পৰৱৰ্তী অধিৱেশন কমলপুৰত অনুষ্ঠিত কৰাৰ কথা। কিন্তু ইমানৰ পাছতো যোৱা জানুৱাৰী মাহত মৰিগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিৱেশনত ৭১ সংখ্যক দ্বি-বার্ষিক অধিৱেশন কমলপুৰৰ পৰিৱৰ্তে শুৱালকুচিত অনুষ্ঠিত কৰা হ’ব বুলি অসম সাহিত্য সভাই ঘোষণা কৰিলে।  

সেই ঘোষণাৰ পাছতে এতিয়া মদাৰতলা সাদৰী শতদল সাহিত্য সভাই অসম সাহিত্য সভাক প্ৰশ্ন কৰিছে কি কাৰণে ঘোষণা কৰাৰ পাছতো অধিৱেশনখন কমলপুৰৰপৰা শুৱালকুচিলৈ সলনি কৰা হ’ল, সেইয়া ৰাজহুৱা কৰিব লাগে। লগতে তেওঁলোকে উল্লেখ কৰে কি কাৰণত কমলপুৰবাসীক এনেদৰে প্ৰতাৰণা কৰা হ’ল তাৰ উত্তৰ দিব লাগে অসম সাহিত্য সভা কেন্দ্ৰীয় নেতৃত্বই।

ইফালে এই সমগ্ৰ প্ৰক্ৰিয়াৰ আৰত বহু বল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাত থকা বুলি অভিযোগ উথাপন কৰে মদাৰতলা সাদৰী শতদল সাহিত্য সভাই। সেই সন্দৰ্ভত তেওঁলোকে সন্দেহ ব্যক্ত কৰি কয় যে কমলপুৰৰ পৰা সাহিত্য সভা অধিৱেশনখন স্থানান্তৰ কৰি উক্তি অধিৱেশনত হিমন্ত বিশ্ব শৰ্মা মাতৃক অসম সাহিত্য সভা সভাপতি আসনখনত হয়তো বহুওৱা এক কৌশলো থাকিব পাৰে।