নগাঁওঃ বসন্ত কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথমবাৰৰ বাবে এই দৌল উৎসৱ পাতিছিল৷ সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। তদ্ৰুপ এইবাৰো অহা ২০ৰপৰা ২৪ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰদোৱা থানত দৌলযাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে। 

ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱটি নিয়াৰিকৈ পালন কৰিবৰ বাবে ১২ খন উপ সমিতি গঠন কৰি থান চৌহদত প্রায় ৫ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ-সমিতি সমূহে খৰতকীয়া গতিত কাম অব্যাহত ৰাখিছে। ২০ মাৰ্চত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ) গায়ন-বায়ন আৰু ভক্তসবে গাই বাই থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰৰ এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনি নাশক মন্ত্ৰ উচ্চাৰণ কৰি পাছত গন্ধঘৰটো পুৰি গোসাঁইক তাৰপৰা লৈ আহি ৰভাতলত স্থাপন কৰা হ’ব। 

স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতুন বস্ত্র পিন্ধোৱাৰ পিছতে গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। পিছদিনা অৰ্থাৎ ২১ ৰ্মাচত ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুৱাসিত ফাকু দিয়া হব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিৱেশন কৰাৰ লগতে ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্যখনৰ ভিন্ন প্রান্তৰপৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। 

২২ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰপৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনিৰ লগতে আইসকলৰ দ্বাৰা জাউৰিয়ে জাউৰিয়ে পৰিৱেশিত বিয়া নামৰ লগত বৈচিত্র্যময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিঁচি সিঁচি চোঁৱৰ ধাৰীয়ে চোঁৱৰৰ বা দি দি দৌললৈ যাত্রা কৰিব। 

দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পিছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাৰ উপৰি সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত দুৱাৰ ধৰা শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা পিছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। 

আনহাতে, দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ২১, ২২ আৰু ২৩ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। ২১ ৰ্মাচৰ সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিবৰ বাবে আসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী ভবেশ কলিতা। ২২ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে। ২৩ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব নৃত্যাচাৰ্য যতীন গোস্বামীয়ে। তিনিও নিশাতে ৰাজ্যখনৰ ভিন্ন প্রান্তৰপৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠানেৰে মুখৰিত হ’ব থানৰ প্ৰাংগন৷