কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ বিস্ফোৰণ

গুৱাহাটীঃ নিৰ্বাচনী বতৰত দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বিজেপি চৰকাৰৰ বাবে আন এক প্ৰত্যহ্বান আনি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। এই অভিযোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ প্ৰশমিত কৰে, সেয়া হ’ব লক্ষ্যণীয়। 

ৰাজ্য কঁপোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে সোমবাৰে বিস্ফোৰণ ঘটাই কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়নত দুৰ্নীতিৰ কৰি বিজেপি সমৰ্থিত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে অ’এমআৰ (OMR) শ্বিট বদলি কৰা প্ৰক্ৰিয়া খোদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যলয়তে চলিছিল যোৱা ৩, ৪ আৰু ৫ মাৰ্চৰ দিনা।

এই সমগ্ৰ অ’এমআৰ (OMR) শ্বিট বদলি কাৰ্য সংঘটিত হৈছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যলয়ত। অ’এমআৰ শ্বিট বদলি কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নেতৃত্ব দিছিলি বিভাগটোৰ অতিৰিক্ত আয়ুক্তৰ খগেশ্বৰ পেগুৱে আৰু এই বদলি কাৰ্যত পেগু সৈতে জড়িত আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত কাৰ্যলয়ৰ জইন্ট ডাইৰেক্টৰ এছ এ লস্কৰ আৰু বিষয়া বাহাৰুল ইছলাম ভূঞা। আনহে নালাগে কৃষক নেতাগৰাকীয়ে এই বুলিও কয় যে এই সমগ্ৰ বদলি প্ৰক্ৰিয়াটো ৩, ৪ আৰু ৫ মাৰ্চৰ দিনা অতিৰিক্ত আয়ুক্ত খৰ্গেশ্বৰ পেগুৰ কার্যলয়ৰ কোঠাত সংঘটিত হৈছিল।

কৃষক নেতা গৰাকীয়ে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যলয়ত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে অভিযোগ কৰে যে এই বিয়াগোম কেলেংকাৰীত তিনিজন বিষয়াৰ জড়িত থকা উপৰিও জড়িত হৈ আছে তিনিজন ৰাজনৈতিক নেতা। সেই ৰাজনৈতিক নেতাকেইজনৰ নাম প্ৰমাণ সহকাৰে অতি সোনকালে ৰাজহুৱা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত ব্যৱহাৰ কৰা এখন অৰিজিনেল অ’এমআৰ শ্বিট সংবাদ মাধ্যমৰ আগত প্রদর্শন কৰে গগৈয়ে। অ’এমআৰ শ্বিট অৰ্থাৎ উত্তৰ শ্বিটখন প্রদর্শন কৰি কৃষক নেতাগৰাকীৰ দাবী, এটা নিযুক্তিৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ অ’এমআৰ (OMR) শ্বিট এনেদৰে সহজলভ্য হোৱাটোতে স্পষ্ট হৈছে নিযুক্তি প্ৰক্ৰিয়াত যে দুৰ্নীতি হৈছে।

ইয়াৰ উপৰিও কৃষকনেতাগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ লাভ কৰা ৮৮৬ গৰাকীৰ প্ৰাৰ্থী তালিকাও দাঙি ধৰে। প্ৰাৰ্থী তালিকা দাঙি ধৰি তেওঁ কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পোৱা ৮৮৬ গৰাকীৰ ভিতৰত ৪৫০ গৰাকীৰো অধিক প্ৰাৰ্থী অনিয়মৰ জৰিয়তে নিযুক্তি লাভ কৰিছে।

ইফালে কৃষক নেতা গৰাকীয়ে উল্লেখ কৰে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও এৰি নিদিয়ে। প্ৰয়োজনত সত্য উদঘাটন হ’বলৈ কিছু পলম হ’ব পাৰে, কিন্তু এপিএছচি দৰে এজন এজনকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়কক ৰাজ্যবাসী সন্মুখত থিয় কৰাই জে’ললৈ পঠোৱা ব্যৱস্থা কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ সকলো অ’এমআৰ শ্বিট আৰু যোৱা ৩, ৪ আৰু ৫ মাৰ্চ তাৰিখৰ দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কাৰ্যলয়ত কি কি কাম হৈছিল, কোনো ব্যক্তি ৰাতি কাৰ্যলয়ত উপস্থিত আছিল এই সমগ্ৰ প্ৰক্রিয়াৰ বাবে উক্ত দিনকেইটা কাৰ্যলয়ত থকা চিচিটিভি ফুটেজ সংৰক্ষণ কৰাৰ বাবে আহা সপ্তাহত কৃষক মুক্তি সংগ্রাম সমিতিয়ে উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিব বুলিও জানিবলৈ দিয়ে।

সমগ্ৰ তদন্তৰ প্ৰক্ৰিয়া দায়িত্বত থকা জিষ্ণু বৰুৱাক প্ৰত্যাহ্বান জনাই কয়, যদি সৎ সাহস আছে প্ৰকৃত তদন্ত কৰক আৰু প্ৰকৃত তদন্তৰ বাবে যদি তথ্য প্ৰমাণ লাগে লিখিত ভাৱে জনাওক। সকলো কেলেংকাৰীৰ তথ্য কৃষক মুক্তি সংগ্রাম সমিতিয়ে যোগান ধৰিব বুলিও তেওঁ সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে।