নগাঁওঃ ৰে’ল বিভাগত ভুৱা নিযুক্তি দি অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী নিজ ডিমৌৰ হিৰেন কাকতি নামৰ এজন লোক। ৰে’লৱেত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধৃত কাকতিয়ে কেইবাজনো নিবনুৱাৰপৰা ৩/৪ লাখ টকাকৈ সংগ্ৰহ কৰি ভুৱা নিযুক্তি-পত্ৰ বিতৰণ কৰিছিল।
কিন্তু নিযুক্তি-পত্ৰ লাভ কৰাৰ পাছতে মালিগাঁৱত চাকৰিত যোগদান কৰিবলৈ গৈ নিবনুৱা যুৱক-যুৱতীসকলে নিযুক্তি-পত্ৰ যে ভুৱা আছিল সেই বিষয়ে অৱগত হোৱাৰ পাছত আৰক্ষীৰ আশ্ৰয় গ্ৰহণ কৰে।
এই সন্দৰ্ভত চিন্তামণি কোঁৱৰ নামৰ এগৰাকী ভূক্তভোগীৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ৪৫১/২০১৯ নম্বৰত পঞ্জীয়নভূক্ত গোচৰটোৰ তদন্ত চলাই মঙলবাৰে আৰক্ষীয়ে পুৱা হিৰেন কাকতিক গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে আৰক্ষীয়ে ৰে’ল বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা অভিযুক্ত হিৰেন কাকতিক আদালতত হাজিৰ কৰোৱাৰ পাছত দুদিনৰ নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।