গুৱাহাটীঃ ক্ষমতাৰ খকত জাতীয়তাবাদক বিক্ৰী কৰি অৱশেষত গেৰুৱা বসন পিন্ধিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অৰ্দ্ধনগ্ন হোৱা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ নেতা যাদৱ দাসে।

শনিবাৰে গুৱাহাটীৰ বিজেপি মুখ্যকাৰ্যলয়ত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিত আনুষ্ঠানিকভাৱে যোগদান কৰে জাতীয়তাবাদৰ ভণ্ড নেতাজনে।
 
জাতিৰ হকে থিয় দিয়ালোকে জাতিক বিক্ৰী কৰি মুখা পিন্ধা ভদ্ৰলোকৰ আচল স্বৰূপ উলিয়াই বুলি বিবেচিত হৈছে৷  

ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলংগ হোৱা ছাত্ৰ মুক্তি বিত্তীয় সম্পাদক হিৰণ্য পাঠৰিৰে বিজেপিত যোগদান  কৰিয়েই গুৰুত্বৰ অভিযোগ উথাপন কৰিছে কৃষক নেতা অখিল গগৈ বিৰুদ্ধে। 

বিজেপিত যোগদান কৰিয়ে পাঠৰিয়ে কয় যে আগন্তক লোকসভাৰ নিৰ্বাচনত বিজেপিক বিৰোধিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থী সকলক জয়ী কৰোৱা বাবে ৩ কোটি টকা লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ কয় কেৱল কংগ্ৰেছেই নহয় এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক জয়ী কৰোৱাৰ বাবেও কৃষক নেতা গৰাকীয়ে ১ কোটি টকা লোৱা বুলি গুৰুত্ব অভিযোগ উথাপন কৰিছে প্ৰাৰ্থীগৰাকীয়ে।