ওদালগুৰিঃ ওদালগুৰিৰ হৰিশিঙাত আৰক্ষীৰ জালত দুধৰ্ষ এনডিএফবি(ছ) সদস্য।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হৰিশিঙা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সদস্যজনক।
হৰিশিঙা আৰক্ষীয়ে হৰিশিঙা ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী সদস্যজনক।
গ্ৰেপ্তাৰ হোৱা সদস্যজনৰ নাম মংগল ব্ৰহ্ম ওৰফে মুলুকছা।
গ্ৰেপ্তাৰ হোৱা সদস্যজনৰ ঘৰ ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কাজিয়ামাটিত।
২০১২ চনত এনডিএফবি সংগঠনত যোগদান কৰিছিল সদস্যজনে।
সংগঠনটোৰ ৩৯ নম্বৰ গোটৰ আছিল মংগল ব্ৰহ্ম।
ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত আছিল দুধৰ্ষ সদস্যগৰাকী।
হৰিশিঙা আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা।
মঙলবাৰে আদালতত হাজিৰ কৰা হ’ব গ্ৰেপ্তাৰ হোৱা সদস্যগৰাকীক।
আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।