জয়ন্ত মুদৈ, নগাঁওঃ শেহতীয়াকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সমবায় সমিতি লিমিটেডসমূহৰ অধীনত থকা একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ অধিকাংশ সুলভ মূল্যৰ দোকানীয়ে অবাধে বিভাগীয় নীতি-নিয়মক জলাঞ্জলি দি গ্ৰাহকক মাধমাৰ শোধাই আহিছে ৷ এইসকল ধুৰন্ধৰ সুলভ মূল্যৰ দোকানীয়ে দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক সুলভ মূল্যৰ দোকানৰ জৰিয়তে চৰকাৰে যোগান ধৰা চাউল আৰু কেৰাচিন বিতৰণৰ বেলিকা দুৰ্নীতিৰ আশ্ৰয় লৈ কোৰোণাৰে ধন চপোৱাতহে ব্যস্ত হৈ পৰিছে ৷
ইয়াৰ অন্যতম উদাহৰণ হিচাপে হাতীচোং সমবায় সমিতি আৰু কাছমাৰী সমবায় সমিতি দুখনৰ কথাকে ক’ব পাৰি ৷ বিভাগীয় কৰ্তৃপক্ষৰ লগত গোপন বুজাবুজিৰে এই সমবায় দুখনৰ অধীনত থকা একাংশ সুলভ মূল্যৰ দোকানীয়ে কৌশলেৰে ৰাইজক আভুৱা-ভাৰি চৰকাৰী আবন্টিত চাউল আৰু কেৰাচিন হৰলুকি কৰি মুনাফা লুটি অহাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷
অভিযোগ অনুসৰি, প্ৰকৃতে দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰী পৰিয়ালবোৰৰ সংখ্যানুপাতে প্ৰতিজনৰ বিপৰীতে চৰকাৰী হিচাপ মতে পাবলগীয়া চাউলৰ পৰা সুলভ মূল্যৰ এইসকল দোকানীয়ে প্ৰায়েই ৫০০-৮০০ গ্ৰামকৈ কৰ্তন কৰিহে চাউল যোগান দি অৱশিষ্ট চাউলখিনি আত্মসাৎ কৰি আহিছে ৷
ঠিক সেইদৰে প্ৰতিখন কাৰ্ডৰ বিপৰীতে আবন্টিত তিনি লিটাৰ কেৰাচিনৰ ঠাইত দুই বা আঢ়ৈ লিটাৰকৈ বিতৰণ কৰি বাকীখিনি কেৰাচিন চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰি মুনাফা লুটি অহাৰো অভিযোগ উঠিছে ৷ আনকি কোনোটো মাহত আকৌ হিতাধিকাৰীক কেৰাচিন যোগান নধৰি সমুদায় ক’লা বজাৰত বিক্ৰী কৰাৰো সময়ে সময়ে অভিযোগ পোৱা যায় ৷
ইফালে, সুলভ মূল্যৰ দোকানীসকলে প্ৰতিটো সামগ্ৰীৰ পৰিমাণ আৰু তাৰ অনুপাতে চৰকাৰী নিৰিখৰ মূল্যৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰতিখন সুলভ মূল্যৰ দোকানত আঁৰি থ’ব লাগে যদিও দুই-এখনৰ বাদে জিলাখনৰ সকলো সুলভ মূল্যৰ দোকানত দেখা পোৱা নাযায় এনে মূল্যৰ তালিকা ৷ পৰিণতিত সময়ে সময়ে অসাধু দোকানীসকলে নিজ খেয়াল-খুচি মতে গ্ৰাহকৰ পৰা নিৰ্বিঘ্নে দাম লৈ আহিছে ৷
উল্লেখ্য,কোনোয়েএই সংক্ৰান্তত প্ৰশ্নৰ অৱতাৰণা কৰিলে সচতুৰ দোকানীসকলে ঠেলাৰ ভাড়া কোনে দিব বুলিহে গ্ৰাহকক ওলোটাই প্ৰশ্ন কৰাৰহে নজিৰ আছে ৷ গতিকে,এইসকল অসৎ চৰিত্ৰৰ সুলভ মূল্যৰ দোকানীক শীঘ্ৰে নাকী লগাবলৈ নগঞা সচেনত মহলে দাবী জনাইছে ৷
ইফালে, হাতীচোং সমবায় সমিতিৰ কাম-কাজ সমিতিৰ বাহিৰৰ লোকেও ধনবল খটুৱাই পৰিচালনা কৰি অহাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, পূৰ্বে সমিতিখনৰ দায়িত্বত থাকি অবাধ দুৰ্নীতিৰে অভিলেখ গঢ়ি পৰবৰ্তী পৰ্যায়ত সমিতিৰ দায়িত্বৰ পৰা আঁতৰি এইবাৰ বিজেপিৰ টিকটত পঞ্চায়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা এজন লোকে বৰ্তমানেও গোপনে আন লোকৰ নামত ধন খটুৱাই সমিতিৰ কাম-কাজ ৰূপায়ণ কৰি কৌশলেৰে অনিয়ম সংঘটিত কৰি আহিছে ৷ এইক্ষেত্ৰত সচেতন ৰাইজে বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷