গুনমনি কলিতা, বটদ্ৰৱাঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ একান্ত প্ৰচেষ্টাত সোমবাৰে নগাঁও জিলাৰ ডিমৰুগুৰী আমতল পথৰপৰা এগৰাকী দৰিদ্ৰ, এখন ভৰি ভঙা, নিজে কোনো কাম-কাজ কৰিব নোৱাৰা বৃদ্ধাক উদ্ধাৰ কৰা হয়|
ডিমৰুগুৰী আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিতাৰ পত্নী সৰুমাই কলিতা (৬৫)ই আজি কিছু দিনৰপৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত এখন ভৰি ভঙা যদিও চুচৰি চুচৰি খুজি-মাগি জীৱন নিৰ্বাহ কৰি আহিছিল|
তেওঁৰ কোনো পুত্র সন্তান নাছিল যদিও বিবাহিত একমাত্র জীয়ৰীৰ লগতে জীৱন অতিবাহিত কৰিছিল| কিন্ত একমাত্র জীয়ৰীৰ স্বামীৰ মৃত্যুৰ পাছত তেওঁলোকৰ পানীত হাহঁ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদপথত এনেদৰে ভিক্ষা মাগি ফুৰা অৱস্থাত দিনদিয়েক পূৰ্বে নগাঁও চহৰৰ এজন সমাজ সচেতক যুৱক ভাস্কৰ বৰাই ছ’চিয়েল মিডিয়াত বৃদ্ধা গৰাকীৰ এই দুবিসহঃ জীৱন সম্পৰ্কে তথ্য প্ৰচাৰ কৰিছিল|
সেই সূত্রেই সোমবাৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নেতৃত্বত যোৱা এটি সজাতি দলে ডিমৰুগুৰীৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰপৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে|
তাৰ পূৰ্বে বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰপৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু অনাগত দিনত বৃদ্ধা গৰাকীৰ অন্যান্য চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰপৰা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে|
এই সজাতি দলটোত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, মল্লিকা শৰ্ম্মা, অৰ্ধআইনী সহায়ক মায়া ডেকা, তুলু বৰা, পাপুমনি বৰা আদি উপস্থিত থাকে| নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ এনে তাৎক্ষনিক পদক্ষেপৰ বাবে নগাঁৱৰ সচেতন লোকসকলে শলাগ লৈছে৷