পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত কাজিৰঙাৰ বছাগাঁও নিবাসী তথা বোকাখাত চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া লক্ষী প্ৰসাদ বৰা (৫২) সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

জানিব পৰা মতে ১৩ এপ্ৰিলত উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত উক্ত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত পিতৃ, মাতৃ, ভাতৃ, ভগ্নীক এৰি থৈ গৈছে। অতি অমায়িক স্বভাৱৰ, সকলোৰে মাজত বৰা ছাৰ হিচাবে পৰিচিত, সকলোকে সম দৃষ্টিৰে চিকিৎসা সেৱা আগবঢ়াই থকা এই সৰবৰাহী চিকিৎসকজনৰ অকাল বিয়োগৰ বাতৰি বিয়পি পৰাত সমগ্ৰ কাজিৰঙা অঞ্চলতেই শোকৰ ছাঁ পৰিছে।

চিকিৎসকজনৰ মৃত্যুত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, কহঁৰা ৰূপজ্যোতি সংঘ, কহঁৰা বাৰোৱাৰী শ্মশান পৰিচালনা সমিতি, কাজিৰঙা বেংগলী উন্নয়ন সমাজ, কাজিৰঙা কেন্দ্ৰীয় বিহু সমিতি, কহঁৰা বসন্ত উৎসৱ উদযাপন সমিতি, কাজিৰঙা কাক গোসাঁনী থান পৰিচালনা সমিতি, কহঁৰা বজাৰ সমিতি, কহঁৰা আদৰ্শ চিকিৎসায় পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক পালন কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।