আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ 'দৈনিক অসম' কাকতৰ মুকালমুৱাৰ নিজা বাতৰি দিওঁতা, সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাজেন ডেকাক বৃহস্পতিবাৰে নিশা ১০ মান বজাত নিজ বাসগৃহৰ সমীপতে কেইজনমান দুষ্কৃতিকাৰীয়ে আক্রমণ কৰি গুৰুত্বৰভাৱে আহত কৰা কাৰ্যক বিশ্বনাথ জিলা সাংবাদিক সন্থাই তীব্ৰ প্রতিবাদ জনাইছে।
সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাৰ সহযোগত শুকুৰবাৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰি সংবাদ জগতৰ লগত জড়িত লোকসকলক এনেদৰে আক্রমণ কৰি গণতন্ত্রৰ চতুৰ্থ স্তম্ভক বিনাশ কৰা প্রচেষ্টাক তীব্র গৰিহণা দিয়ে।
অহা ২৯ এপ্রিলত "আজু"ৱে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। সম্পাদক ৰতন ভূঞাই উদেশ্য ব্যাখ্যা কৰা সভাখনত কাৰ্যকৰি সভাপতি নিৰঞ্জন হাজৰিকা, ভাস্কৰ বৰাকে ধৰি বহু কেইগৰাকী সাংবাদিকে সহযোগ কৰে।
তদুপৰি দুষ্কৃতিকাৰীৰ এনে আক্ৰমণক বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মা আৰু সম্পাদক খগেন মটকে গৰিহণা দিয়াৰ ওপৰিও শীঘ্ৰেই দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে অসম আৰক্ষী সঞ্চালক প্ৰধানক।
আনহাতে জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, ভুৱন লুইটেল, শ্রীমন্ত দাস, আব্দুল বাৰেক আদিয়েও এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ লগতে ৰাজ্যৰ মফছলীয় সাংবাদিকক নিৰাপত্তা দিয়াৰ বাবেও অসম চৰকাৰক দাবী জনাইছে।